নলবাৰীত জ্যেষ্ঠ নাগৰিকৰ অধিৱেশন

নলবাৰীত জ্যেষ্ঠ নাগৰিকৰ অধিৱেশন
Published on
Updated on

ডিজিটেল সংবাদ,নলবাৰী : "পৃথিৱীৰ ক'তো মাহেকত ২৫০ টকা পেন্সনৰ ব্যৱস্থা নাই। কেৱলমাত্ৰ অসমত এনে ব্যৱস্থা চলি আছে। চৰকাৰক এনে বিষয়ত জনোৱা হৈছে।

আজিলৈ চৰকাৰে একো নকৰাত আমি উদ্বিগ্ন হৈছো। অসমৰ বিভিন্ন প্ৰান্তত ক্ষোভিত হৈছে জ্যেষ্ঠ নাগৰিক।" অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নলবাৰী জিলা সমিতিৰ ত্ৰয়োদশ বাৰ্ষিক মধ্যকালীন অধিৱেশন উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ, পাইকাৰকুছি প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে এনেদৰে কয়।

অধিৱেশনত নিৰ্দিষ্ট বক্তাৰ ভাষণত বৰঠাকুৰে বিভিন্ন জন প্ৰতিনিধিৰ প্ৰশ্নৰ উত্তৰ দি জ্যেষ্ঠ নাগৰিকৰ প্ৰয়োজনীয় সুবিধাৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰৰ একাধিক বিভাগীয় মন্ত্ৰীৰ লগত জ্যেষ্ঠ নাগৰিকৰ সন্মিলনৰ প্ৰতিনিধিয়ে আলোচনাত মিলিত হোৱা বুলি জনায়। মুকলি সভাখন উদ্বোধন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্নালী ডেকাই।

জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড০ প্ৰমোদ হালৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত আন এগৰাকী বক্তা জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ ১নংমণ্ডলৰ সভাপতি অতুল বৰুৱাই জ্যেষ্ঠ নাগৰিকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰয়োজনত জ্যেষ্ঠ নাগৰিক সকল ৰাজপথলৈ ওলাই আহিব লগা হ'লে চৰকাৰেই দায়ী হ'ব বুলি কয়।

সভাত আমন্ত্ৰিত অতিথি হিচাপে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহক সদস্য কেশৱ ডেকায়ো ভাষণ ৰাখে। একেখন মঞ্চতে ড০ প্ৰমোদ হালৈৰ সঞ্চালনাত জিলাৰ বিভিন্ন প্ৰান্তৰ ৩১ টা শাখা সন্মিলনৰ পৰা অহা ২শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিনিধি সভাখন উদ্বোধন কৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰচাৰ আৰু জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে।

প্ৰতিনিধি সভাই একোটা সংগঠনৰ ভবিষ্যতৰ দিক্ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত সন্মিলনৰ সংবিধানখনৰ গুৰুত্বপূৰ্ণ ধাৰাবোৰ ব্যাখ্যা কৰি সকলো শাখাকে সংবিধানখন আখৰে আখৰে পালন কৰাৰ আহ্বান জনায়। প্ৰতিনিধি সভাত বিভিন্ন প্ৰান্তৰ শাখাৰ পৰা অহা প্ৰতিনিধি যাদব ডেকা,বিনন্দ হাজৰিকা,দেৱেশ্বৰ শৰ্মা,সুনীল ভূপেন চৌধুৰীকে ধৰি কেবাজনো প্ৰতিনিধিয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰি বক্তব্য ৰাখে।

সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক প্ৰিয় নাথ বৰ্মনে। আদৰণি সমিতিৰ সভাপতি সুৰেণ ৰাজবংশীৰ হকে আদৰণি ভাষণ পাঠ কৰে দক্ষৰাম বৰ্মনে।

অধিৱেশনে দুগৰাকী জ্যেষ্ঠ নাগৰিক নবীন চন্দ্ৰ বৰ্মন (৯২) আৰু ভবেন্দ্ৰ নাথ মেধি খ(৭৪) গামোচা, মানপত্ৰ ফুলৰ থোপা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাপতি ড০ প্ৰমোদ হালৈয়ে আজিৰ প্ৰেক্ষাপটত সমাজত শান্তি স্থাপনৰ ক্ষেত্ৰত প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকৰ গুৰু দায়িত্ব আছে বুলি কয়। শলাগৰ শৰাই আগবঢ়াই জ্যেষ্ঠ নাগৰিক দক্ষৰাম বৰ্মনে।

নলবাৰীত জ্যেষ্ঠ নাগৰিকৰ অধিৱেশন
বৰহোলা মহাবিদ্যালয় চৌহদত ছাত্ৰক প্ৰহাৰ : বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী বীৰ লাচিত সেনাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in