জলখানা ভঠুৱাখানা সাহিত্য সভাৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস...

জলখানা ভঠুৱাখানা সাহিত্য সভাৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস...
Published on
Updated on

ডিজিটেল সংবাদ, নলবাৰী : ‘অসম সাহিত্য সভাই ভাষা-সাহিত্য উত্তৰোত্তৰ উন্নতিৰ কাম কৰি আহাৰ সমান্তৰালকৈ অসমৰ জলন্ত সমস্যাসমূহৰ বিষয়তো গুৰুত্ব দি আহিছে।’ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডঃ জগদীশ পাটগিৰিয়ে শনিবাৰে নলবাৰী জিলাৰ টিহুত এই মন্তব্য কৰে। অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা হিচাপে স্বীকৃত জলখানা ভঠুৱাখানা সাহিত্য সভাৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পাটগিৰিয়ে ভাষণ প্ৰসংগত অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ বিজয় ধাৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব লাগিব বুলি উল্লেখ কৰি অসমত যেতিয়ালৈ ব্ৰহ্মপুত্ৰ নৈ বৈ থাকিব তেতিয়ালৈ অসমৰ ভাষা, সাহিত্য, সংস্কৃতি কোনেও ধংস কৰিব নোৱাৰে বুলি মন্তব্য কৰে।

জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ সভাপতি কান্তেশ্বৰ কলিতাৰ সভাপতিত্বত হোৱা সভাখনৰ আঁত ধৰাৰ লগতে অনুষ্ঠান আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাখনৰ সম্পাদক দৰ্পণা কলিতাই। জলখানা ভঠুৱাখানা হাইস্কুলত অনুষ্ঠিত এই সভাত অৱসৰপ্ৰাপ্ত শিক্ষক মদন চন্দ্ৰ কলিতাৰ ‘৩০৩ আৰু অন্যান্য বাৰ্তা’ নামৰ গ্ৰন্থখন উন্মোচন কৰি প্ৰাক্তন মন্ত্ৰী তথা সাহিত্যিক পবিন্দ্ৰ ডেকাই কয় যে এটা অঞ্চল আগবাঢ়িব লাগিলে বৌদ্ধিক ক্ষেত্ৰখনৰ উত্তৰণ হ’ব লাগিব। তেওঁ ভাষণ প্ৰসংগত পুনৰ কয় যে নেতৃত্ব দিবলৈ সাহিত্যিক হ’ব নালাগে। লাগিব মাথোন সামাজিক দ্বায়বদ্ধতা, সদিচ্ছা আৰু সদ্ভাৱ। এই ক্ষেত্ৰত সাহিত্য অনুৰাগী সভ্যৰ সংখ্যা বৃদ্ধি কৰি অসম সাহিত্য সভাৰ আৰ্থিক দিশটো টনকিয়াল কৰিবলৈও প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে মুকলি আহ্বান জনায়।

সভাত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই মুনীন্দ্ৰ নাৰায়ণ বৰ্মনৰ ‘শিক্ষা আৰু শিক্ষণ’ নামৰ গ্ৰন্থখন উন্মোচন কৰি কয় যে অসম সাহিত্য সভা এক জাতীয় বৰ নামঘৰ। কিন্তু পৱিত্ৰ এই নামঘৰৰ এতিয়ালৈ ৬০ হাজাৰৰ অধিক সভ্য হোৱা নাই। এইটো এটা দুখজনক বিষয় বুলিও তেওঁ আক্ষেপ প্ৰকাশ কৰে। সাহিত্যকৰ্মী হৰেকৃষ্ণ দাসে কবিতা আবৃত্তি কৰা সভাখনত ‘থুজা’ নামৰ হাতে লিখা আলোচনী এখন উন্মোচন কৰে হাৰিভাঙা শাখা সাহিত্য সভাৰ উপ সভাপতি ডঃ মঞ্জু হালৈয়ে।

সভাখনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সম্পাদক প্ৰধান চৰণ ডেকা, নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰুদ্ৰ কলিতাই সাহিত্য-সংস্কৃতিৰ বিষয়ে আলোকপাত কৰি ভাষণ প্ৰদান কৰে।

সভাৰ পূৰ্বে ‘জ্যোতি দিৱস’ উপলক্ষে ষষ্ঠৰপৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম ধৃতুৰাজ দাস, দ্বিতীয় নীলাভজ্যোতি কলিতা, তৃতীয় হীৰকজ্যোতি কলিতা, প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ মাজত আয়োজিত কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম ৰিমজিম পাঠক, দ্বিতীয় দেৱাক্ষী চৌধুৰী, তৃতীয় স্থান লাভ কৰা তৃষাণু তালুকদাৰ আৰু অংকিতা কলিতাক মানপত্ৰ আৰু একোখনকৈ গ্ৰন্থ প্ৰদান কৰা হয়। জলখানা ভঠুৱাখানা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰিয়নাথ ডেকা, হাৰিভাঙা সাহিত্য সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন্দ্ৰনাথ শৰ্মা, বালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অক্ষয় তালুকদাৰ, লখোপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক অনুকুল ঠাকুৰীয়া, জলখানা ভঠুৱাখানা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজপ্ৰতিম শৰ্মা, জলখানা ভঠুৱাখানা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি প্ৰহ্লাদ হালৈ, অৱসৰপ্ৰাপ্ত শিক্ষক তথা লেখক বিপিন কলিতা আদিকে ধৰি অঞ্চলটোৰ ভালেসংখ্য বিশিষ্ট ব্যক্তি আৰু সাহিত্যনুৰাগীয়ে অংশ লোৱা সভাখনৰ পূৰ্বে জলখানা ভঠুৱাখানা সাহিত্য সভাৰ সভাপতি কান্তেশ্বৰ কলিতাই অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ পাতনি মেলে।

ইয়াৰ পাছতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰিয়নাথ ডেকাই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আৰু শ্বহীদ তৰ্পণ কৰে মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ চন্দ্ৰ কলিতাই। গছপুলি ৰোপণ কৰে মাখিবাহা শাখা সাহিত্য সভাৰ সম্পাদক মনোজ বড়ো আৰু অৱসৰপ্ৰাপ্ত শিক্ষক সন্তোৰাম ডেকাই।

জলখানা ভঠুৱাখানা সাহিত্য সভাৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস...
মিজোৰামত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী, মহিলা সহ দুজন গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in