নলবাৰীত সাহিত্য সভাৰ চিন্তন বৈঠক সম্পন্ন

নলবাৰীত সাহিত্য সভাৰ চিন্তন বৈঠক সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ, নলবাৰী : অসম সাহিত্য সভা আৰু নলবাৰী জিলা সাহিত্য সভাৰ কেইগৰাকীমান বিষয়ববীয়া তথা কৰ্মীয়ে এক চিন্তন বৈঠকত মিলিত হৈ অসমত ৰাজ্য ভাষা সঠিক আৰু কঠোৰভাৱে প্ৰয়োগ কৰাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাবলৈ এক পৰিকল্পনা যুগুতোৱাৰ বিষয়ে অনানুষ্ঠানিকভাৱে আলোচনা কৰে। লগতে এই দিশত এক ফলপ্ৰসূ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে বুলি মতপোষণ কৰে ৷

বৈঠকত কেইবাগৰাকী বিষয়ববীয়াই অংশ লয়। নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক, কৰ্ণধাৰ সমিতিৰ সদস্য গোবিন্দ কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মাই এই বৈঠকত অংশ লয়।

ইয়াৰোপৰি নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্পৰ আহ্বায়ক ডাঃ বিপিনচন্দ্ৰ কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদনা সমিতিৰ সদস্য পংকজ বেজবৰুৱা, অসম সাহিত্য সভাৰ লোক পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপ সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰ, জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য অতুলচন্দ্ৰ শৰ্মা, অসম সাহিত্য সভাৰ আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ ডেকা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক নৰেশ্বৰ কলিতাই অংশ লয়।

এই বৈঠকতে বিশিষ্ট লেখক, গল্পকাৰ ডাঃ বিপিনচন্দ্ৰ কলিতাৰ সংক্ষিপ্ত জীৱনপঞ্জী এখন উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই ৷ উন্মোচনী ভাষণত শৰ্মাই কয় যে বিগত প্ৰায় ৩৫ বছৰ ধৰি ডাঃ বিপিনচন্দ্ৰ কলিতাই নলবাৰী জিলা সাহিত্য সভা তথা অসম সাহিত্য সভাৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে সেৱা আগবঢ়াই থকাৰ লগতে ভালেমান সামাজিক অনুষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছে ৷

অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক গোবিন্দ কলিতাই কয় যে ডাঃ কলিতাই কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰাৰ উপৰি ভালেমান গ্ৰন্থ সম্পাদনা কৰাৰ লগতে চাকৰি কালৰ অৱসৰৰ পাচতো নিৰলসভাৱে সাহিত্য সংগঠনত নিজকে নিয়োজিত কৰি ৰাখিছে ৷ বৈঠকত ১৯৬০ চনতে অসমত ৰাজ্য ভাষা আইন প্ৰৱৰ্তন কৰা সত্ত্বেও আজিপৰ্যন্ত সঠিকভাৱে আইনখন প্ৰয়োগ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰা হয়।

নলবাৰীত সাহিত্য সভাৰ চিন্তন বৈঠক সম্পন্ন
জামুগুৰিহাটত দুৰ্গা প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in