টিহুত ট্ৰাক চালকক ধন দাবীৰে মাৰপিট কৰি নিলম্বিত দুই আৰক্ষী

নাথকুছিত আৰক্ষীয়ে ট্ৰাক চালকক প্ৰহাৰ কৰাক লৈ তীব্ৰ উত্তেজনা। কেইবাঘন্টা  ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ট্ৰাক চালকে

author-image
Asomiya Pratidin
New Update
টিহুত ট্ৰাক চালকক ধন দাবীৰে মাৰপিট কৰি নিলম্বিত দুই আৰক্ষী

ডিজিটেল সংবাদ, নলবাৰী : দাবী কৰা ধন নিদিয়াৰ বাবেই টিহুৰ নাথকুছিত এগৰাকী ট্ৰাক চালকক আৰক্ষীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে তীব্ৰ উত্তেজনাৰ  সৃষ্টি হয়।

প্ৰকৃতাৰ্থত নলবাৰী জিলাৰ টিহু থানাৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ ৰূপত আবিৰ্ভাৱ হয় টিহু থানাৰ আৰক্ষী। ট্ৰাক চালকে টিহু থানাৰ নাথকুছিৰ পহৰা চকীৰ আৰক্ষীক ২৫ হাজাৰ টকা গুণ্ডাটেক্স আদায় নিদিয়াৰ বাবে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি চালকক মৃতপ্ৰায় অৱস্থাৰে ঘাইপথত পেলাই থয় বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে ধুবুৰী পৰা গুৱাহাটীমুখী ডব্লিউ বি ০৩-বি-২৪৫২ নম্বৰৰ ট্ৰাকখন ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নাথকুছি পোৱাৰ লগে লগে টিহু থানাৰ অন্তৰ্গত নাথকুছিৰ আৰক্ষীয়ে আগভেটি ধৰি বিভিন্ন অজুহাতত ট্ৰাক চালকজনৰপৰা ২৫ হাজাৰ টকা বিচাৰে। উপায়ান্তৰ হৈ ট্ৰাক চালক জেহেৰুল ইছলামে নগদ ৪ হাজাৰ টকা আৰু ‘ফোন পে’যোগে ১৬ হাজাৰ টকা আদায় দিয়াতো মান্তি নহয় আৰক্ষী।

নাথকুছি আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ট্ৰাক চালক জেহেৰুলে ধন আদায় দিব নোৱাৰাত ট্ৰাকৰপৰা নমাই আনি আৰক্ষীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি চালকগৰাকীক ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থয়। আৰক্ষীৰ এনে কাৰ্যৰ প্ৰত্যক্ষদৰ্শী ট্ৰাক চালকে তীব্ৰ প্ৰতিবাদ জনাই ৰাষ্ট্ৰীয় ঘাইপথত শ-শ ট্ৰাকে বিশৃংখল সৃষ্টি কৰি গাড়ী মটৰৰ চলাচল বন্ধ কৰি দিয়ে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আৰক্ষীয়ে গুণ্ডাটেক্স সংগ্ৰহ কৰা কাৰ্যত অতিষ্ঠ হৈ আহিছিল স্থানীয় ৰাইজ। আৰক্ষীৰ এনে কাৰ্যক স্থানীয় ৰাইজে জনাৰ লগে লগে তীব্ৰ প্ৰতিবাদ জনাই সম্পূৰ্ণ ঘাইপথছোৱা ৪ঘণ্টাৰো অধিক অৱৰোধ কৰে।

স্থানীয় ৰাইজে পথছোৱা অৱৰোধ কৰি নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকৰ সন্মুখতে অসম আৰক্ষী মুৰ্দাবাদ, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হায় হায় আদি ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে। পাছত ঘটনাস্থলীত নলবাৰী জিলা  আৰক্ষী অধীক্ষকসহ আৰক্ষী আৰু  চি আৰ পি এফৰ বৃহৎ দল এটা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

উক্ত ঘটনাৰ সংক্ৰান্তত ইতিমধ্যে নলবাৰী জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে অপূৰ্ব পাটগিৰী আৰু অমিত হাজং নামৰ দুজন আৰক্ষীক নিলম্বন কৰিছে । এই ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে উপ আৰক্ষী অধীক্ষকক।

ঘটনাৰ সৈতে অধিক আৰক্ষী জড়িত থকাৰ উপযুক্ত প্ৰমাণ পালে যথোচিত  ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জানিবলৈ দিয়ে।

Also Read: BVFCLৰ পৰ্যালোচনা সহ সমন্বয় বৈঠকত চতুৰ্থ গোটৰ সন্দৰ্ভত আলোচনা

Assam police nalbari police