মোমায়েকৰ ঘৰত পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰীৰ সলিল সমাধি...

নলবাৰীৰ ক্ষুদ্ৰ কটৰাত কৰুণ ঘটনা
মোমায়েকৰ ঘৰত পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰীৰ সলিল সমাধি...
মোমায়েকৰ ঘৰত পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰীৰ সলিল সমাধি...
Published on
Updated on

ডিজিটেল ডেস্কঃ নলবাৰী জিলাৰ ক্ষুদ্ৰ কটৰাত আজি সংঘটিত হৈছে এক কৰুণ ঘটনা। দুগৰাকী কিশোৰীয়ে পুখুৰীত গা ধুবলৈ গৈ মৃত্যুক সাৱটি লবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে গৰম বন্ধ উপলক্ষে ক্ষুদ্ৰ কটৰাত থকা মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল ধমধমাৰ অংকিতা শৰ্মা আৰু টিহুৰ দীক্ষিতা শৰ্মা। এই দুয়ো কিশোৰীয়ে আজি পুখুৰীত গা ধুবলৈ গৈ মৃত্যুক সাৱটি লয়।

ইয়াৰ পিছতে স্থানীয় আৰক্ষীৰ উপস্থিতিত মৃত দুয়ো কিশোৰীকে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। জানিব পৰা মতে দুয়ো গৰাকী কিশোৰীৰে মৃতদেহ বৰ্তমান মৰ্গতে ৰখা হৈছে।

মোমায়েকৰ ঘৰত পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰীৰ সলিল সমাধি...
ডৌকাচাপৰি সত্ৰৰ সত্ৰাধিকাৰ তুলসী মহন্তৰ পৰলোকপ্ৰাপ্তিত শোক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in