বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰত ভাতৃ-ভগ্নীৰ অকাল মৃত্যু

বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰত ভাতৃ-ভগ্নীৰ অকাল মৃত্যু
Published on
Updated on

ডিজিটেল সংবাদ,দৌলাশাল : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত শুকুৰবাৰে সন্ধিয়া এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰিহামাৰী চৰৰ একেটা পৰিয়ালৰ দুই ভাতৃ-ভগ্নীয়ে কৰুণ মৃত্যুক সাৱতি লবলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

প্ৰাপ্ত তথ্য অনুসৰি কুৰিহামাৰী শুক্ৰবৰীয়া বজাৰৰ হানিফ আলীৰ পুত্ৰ-কন্যাই পথৰ দাঁতিৰ পানীত পৰি কৰুণ মৃত্যুক সাৱতি লয় ৷ জানিব পৰা অনুসৰি দুয়ো পথেৰে গৈ থাকোঁতে পথৰ পৰা পিছলি পথৰ দাঁতিৰ পৰা পানীত পৰি অকাল মৃত্যুক সাৱটি লয় ৷

স্থানীয় একাংশ লোকে ঘটনা প্ৰত্যক্ষ কৰি শিশু দুটিক পানীৰ পৰা ততাতয়াকৈ উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰাই যদিও শিশু দুটিক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ শনিবাৰে শিশু দুটিক শিয়ালমাৰী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীস্থিত ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ শিশু দুটিৰ কৰুণ মৃত্যুত বৰক্ষেত্ৰীৰ চৰাঞ্চলত শোকৰ ছাঁ পৰিছে ৷ 

বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰত ভাতৃ-ভগ্নীৰ অকাল মৃত্যু
চতিয়াত দুই শিশুৰ সলিল সমাধি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in