টিহুত কামৰূপী লোকগীত আৰু জ্যোতিসংগীতৰ কৰ্মশালা আৰম্ভ...

টিহুত কামৰূপী লোকগীত আৰু জ্যোতিসংগীতৰ কৰ্মশালা আৰম্ভ...
টিহুত কামৰূপী লোকগীত আৰু জ্যোতিসংগীতৰ কৰ্মশালা আৰম্ভ...
Published on
Updated on

ডিজিটেল সংবাদ নলবাৰী: 'অসম লোক সংস্কৃতিৰ অতি চহকী জকমকীয়া যাদুঘৰ। বৰগীত, লোকগীত, বিহুগীত, বিয়াগীত, জ্যোতিসংগীত, বিষ্ণুপ্ৰসাদ ৰাভা সংগীত, ভূপেন হাজৰিকা সংগীত আদি এই যাদুঘৰৰ ওখ বেদীৰ অমূল্য সম্পদ। এই গীতবোৰেৰে আমি জগত সভাত নিজকে গৰ্বেৰে অসমীয়া জাতিৰ এগৰাকী স্বাভিমানী লোক হিচাপে চিনাকি দিব পাৰোঁ। সেয়ে এইবোৰৰ চৰ্চা আৰু সংবৰ্ধন খুবেই জৰুৰী।'

টিহুত ১৪ অক্টোবৰত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই কামৰূপী লোকগীত আৰু জ্যোতিসংগীতৰ কৰ্মশালা এখন উদ্বোধন কৰি দিয়া ভাষণত এই মন্তব্য প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ সম্প্ৰতি বহু লোকে গান আৰু নৃত্যৰ প্ৰতি অধিক আকৃষ্ট হোৱা বুলি দোহাৰি নৃত্য-গানৰ লগতে গীত আৰু নাচবোৰকো পদ্ধতিগতভাৱে সঠিক ৰূপত চৰ্চা কৰি প্ৰসাৰ কৰিবলৈ এই বিষয়ত জড়িতসকলৰ প্ৰতি আহ্বান জনায়।

টিহু হাটখলাৰ ৰাস মণ্ডপথলীত সাধনা সাহিত্য গোষ্ঠীৰ উদ্যোগত আৰু কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰ, অসমৰ সহযোগত দুদিনীয়াকৈ আয়োজিত কামৰূপী লোকগীত আৰু জ্যোতিসংগীতৰ এই কৰ্মশালাৰ আৰম্ভণিতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মীনা তালুকদাৰে বন্তি জ্বলাই শুভেচ্ছামূলক ভাষণ দিয়ে। অনুষ্ঠানটো আয়োজনৰ লক্ষ্য-উদ্দেশ্য বিৱৰি কোৱাৰ লগতে পৰিচালনা কৰে সাধনা সাহিত্য গোষ্ঠীৰ সম্পাদক অলকা বুজৰ বৰুৱাই।

কামৰূপী লোকগীতৰ এ গ্ৰেড অনাতাঁৰ শিল্পী ডম্বৰুধৰ পাঠক আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ কামৰূপী লোকগীতৰ চিনিয়ৰ ফেল’ তুতুল মানৱে কামৰূপী লোকগীতৰ আনহাতে জ্ঞানম সংগীত একাডেমিৰ অধ্যক্ষ কাকলি দাসে জ্যোতিসংগীতৰ প্ৰশিক্ষক হিচাপে আকৌ বিশিষ্ট বাদক অৰূপ কলিতা আৰু ভূপেন দাসে এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে ভাগ লৈছে।

কৰ্মশালাত অঞ্চলটোৰ প্ৰায় পঞ্চাছগৰাকী শিক্ষাৰ্থীয়ে ভাগ লৈছে। এন ই ফ’কাচ নামৰ সংবাদ মাধ্যমৰ স্বত্বাধিকাৰী সংগীতা শইকীয়া বিশিষ্ট অতিথি হিচাপে ভাগ লোৱা অনুষ্ঠানটোত জনপ্ৰিয় সংগীত শিল্পী হেমন্ত তালুকদাৰ, নিৰঞ্জন দাস, জিজ্ঞাসা কাশ্যপ, মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতিভা দেৱী, সমাজকৰ্মী শংকৰ কুমাৰ দাস, সুশীল দাস প্ৰমুখ্যে বিশিষ্ট লোকসকলো উপস্থিত থাকি শুভেচ্ছা জনায়।

টিহুত কামৰূপী লোকগীত আৰু জ্যোতিসংগীতৰ কৰ্মশালা আৰম্ভ...
মণিপুৰত পৃথক পৃথক অভিযানত অবৈধ মাৰণাস্ত্ৰসহ উগ্ৰপন্থী আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in