ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বাঁপুজী ভৱনৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে নদুৱাৰ সমষ্টিৰ যুৱ মৰ্চাৰ উদ্যোগত নমো নৱ ভোটদাতা সন্মিলন নামেৰে এক বিশেষ সভা অনুষ্ঠিত হয় ৷ সমষ্টিটোৰ প্ৰায় ছয় শতাধিক নতুন ভোটাৰক লৈ অনুষ্ঠিত এই সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে যুৱ শক্তিক একত্ৰিত কৰি ভাৰত ৰাষ্ট্ৰৰ তথা নৰেন্দ্ৰ মোদীৰ শক্তি বৃদ্ধি কৰাৰ আহ্বান জনাই ৷ ভাৰত ৰাষ্ট্ৰ নিৰ্মানত যুৱ শক্তিৰ অৰিহনাই মূখ্য ভূমিকা লয় বুলিও মন্তব্য কৰে বিধায়ক পদ্মই ৷ সভাত সমষ্টিটোৰ অন্তৰ্গত উত্তৰ,দক্ষিণ নদুৱাৰ আৰু নাগশংকৰ মণ্ডলৰ ছয় শতাধিক নতুন কৈ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ৷
Also Read: আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য্য চৰ্চা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন গহপুৰৰ অনুসূয়া বৰা