ডিজিটেল সংবাদ, নামৰূপ : অসম চৰকাৰৰ পঞ্চায়ত, গ্ৰাম্য উন্নয়ন, খাদ্য ও অসামৰিক তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুদিনীয়া নামৰূপ ভ্ৰমণ কাৰ্যসূচীত অসম পেট্ৰ' কেমিকেলৰ নৱ নিৰ্মিত ৫০০ টন মিথানল উৎপাদন কৰিব পৰা উদ্যোগ পৰিদৰ্শন কৰা লগতে বিভিন্ন দলীয় কাৰ্যসূচী ৰূপায়ন কৰে।
বুধবাৰে গধূলি নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ অতিথি শালাত মন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ পিছতে অসম শক্তি উৎপাদন নিগম লিমিটেড (এ পি জি চি এল) নামৰূপ শাখাৰ মহাপ্ৰৱন্ধক মহম্মদ জাকিৰে তাপ বিদ্যুৎ প্ৰকল্পৰ পৰিয়ালৰ তৰফৰ পৰা জাপি গামোচাৰে মন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনায়।
ইয়াৰ পিছতে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ আৰু দলীয় কাৰ্যকৰ্তা আৰু দলীয় কৰ্মীৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই অনুষ্ঠানতে দলীয় কার্যকৰ্তাৰ লগতে বিভিন্ন সংগঠনে মন্ত্ৰী গৰাকীক আদৰণি জনায়। নিশা প্ৰায় ৯.৩০ বজাত মন্ত্ৰী গৰাকীয়ে অসম পেট্ৰ' কেমিকেলৰ নৱ নিৰ্মিত মিঠানল প্ৰকল্প পৰিদৰ্শন কৰে।
এই কাৰ্যসূচীত এ পি চি এলৰ অধ্যক্ষ বিকুল ডেকা উপস্থিত থাকে। "অসম পেট্ৰ'কেমিকেল লিমিটেড"ৰ ৫০০ মেট্ৰিক টন মিথানল উৎপাদন ক্ষম উদ্যোগটোৰ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে কয় - ভাৰতবৰ্ষৰ ভিতৰত সৰ্ববৃহৎ মিথানল উৎপাদন কৰিব পৰা উদ্যোগটোৱে হৈছে নামৰূপস্থিত "অসম পেট্ৰ'কেমিকেল লিমিটেড"। অসম চৰকাৰৰ অন্যতম লাভজনক এই উদ্যোগটোৱে ৰাজ্যখনক বাণিজ্য আৰু ব্যৱসায়ৰ ক্ষেত্ৰত সম্ভাৱ্য সুযোগ প্ৰদান কৰিব বুলিও তেওঁ মত পোষণ কৰে।
নিশা তাপ বিদ্যুৎ প্ৰকল্পৰ অতিথি শালাত নৈশ যাপন কৰি বৃহস্পতিবাৰে পুৱাই তাপ বিদ্যুৎ প্ৰকল্পৰ মহা প্ৰৱন্ধক, দলীয় বিষয়ববীয়াৰ লগত দিহিং পাটকাইত প্ৰাতঃ ভ্ৰমণ কৰি দুদিনীয়া কাৰ্যসূচীৰ সামৰণি মাৰে।
আৰু পঢ়ক : ঐতিহ্যমণ্ডিত কুজি সত্ৰত পোন প্ৰথমবাৰৰ বাবে উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...