বিদ্যুতৰ বিল বঢ়া নাইঃ শক্তিমন্ত্ৰী নন্দিতা গোৰ্লোছা

উৎকট গৰমে দহিছে ৰাজ্যবাসীক । ইয়াৰ মাজতেই বিদ্যুতৰ লোকা-ভাকুৱে সকলোকে অতিষ্ঠ কৰি তুলিছে ।

author-image
Asomiya Pratidin
New Update
বিদ্যুতৰ বিল বঢ়া নাইঃ শক্তিমন্ত্ৰী নন্দিতা গোৰ্লোছা

ডিজিটেল ডেস্কঃ উৎকট গৰমে দহিছে ৰাজ্যবাসীক । ইয়াৰ মাজতেই বিদ্যুতৰ লোকা-ভাকুৱে সকলোকে অতিষ্ঠ কৰি তুলিছে । তাৰ মাজতে জনতাই অভিযোগ উত্থাপন কৰিছে যে বিদ্যুতৰ মাচুল বিগত মাহ কেইটাত বৃদ্ধি পাইছে । ৰাইজৰ এনে অসুবিধাৰ প্ৰতি কোনো কানসাৰ নাই ৰাজ্যৰ শক্তি বিভাগটোৰ । ৰাজনৈতিক নেতাসকলেও সময় সাপাক্ষে দায় সৰা মন্তব্য প্ৰদান কৰি আহিছে ।

ৰাজ্যত সঘনাই বিদ্যুৎ কৰ্তন কৰা সন্দৰ্ভত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাই বৃহস্পতিবাৰে কয় যে, "তাপমাত্রা অধিক বৃদ্ধি পাইছে । যাৰ ফলত কাৰিকৰী অসুবিধাৰ সৃষ্টি হৈছে । সেয়ে ঠায়ে ঠায়ে বিদ্যুৎ যোগান নাথাকে । বিদ্যুতৰ নাটনিৰ বাবেই লোডশ্বেডিং কৰিবলগীয়া হৈছে । বিদ্যুতৰ বিল বঢ়া নাই’।"

তদুপৰি ৰাজ্যৰ শক্তিমন্ত্ৰীগৰাকীয়ে কয় যে, "পেট্র’লজাত সামগ্রীৰ দাম বৃদ্ধিৰ বাবে FPP অলপ বাঢ়িছে । বিদ্যুতৰ বিল বঢ়োৱাৰ সিদ্ধান্ত চৰকাৰে নলয় । সেই সিদ্ধান্ত বিদ্যুৎ নিয়ামক আয়োগে লয় । বিদ্যুতৰ বিল কমা বা বেছি হোৱা বিষয়টো নিয়ামক আয়োগে জানিব ।"

খোদ বিভাগীয় মন্ত্ৰীগৰাকীয়েই মাচুল বৃদ্ধিৰ বিষয়টোক লৈ এইদৰে নিয়ামক আয়োগৰ সিদ্ধান্তলৈ ঠেলি দিয়া কাৰ্যই সচেতন নাগৰিকক চকু কপালত তুলিছে ।

Also Read: উত্তৰ গুৱাহাটীত আয়কৰ বিভাগৰ অভিযান...

apdcl electricity bill