NAPMৰ সৰ্বভাৰতীয় নাৰীবাদী সভাত অসমৰহৈ জীপাল কৃষক-শ্ৰমিক সংঘৰ অংশগ্ৰহণ

NAPMৰ সৰ্বভাৰতীয় নাৰীবাদী সভাত অসমৰহৈ জীপাল কৃষক-শ্ৰমিক সংঘৰ অংশগ্ৰহণ
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ মহাৰাষ্ট্ৰৰ পুনেইত ৭, ৮ আৰু ৯ অক্টোবৰত 'NAPM'ৰ‌ দ্বাৰা আয়োজিত 'সৰ্বভাৰতীয় নাৰীবাদী মঞ্চ'ৰ সভাখনত অসমৰ হৈ 'জীপাল কৃষক শ্ৰমিক সংঘ'ৰ তৰফৰ পৰা প্ৰগতিশীল নাৰীবাদী কৰ্মী তথা লেখিকা মণিকংকণা বৰবৰাই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মণিকংকনা বৰবৰা গোলাঘাট টেঙানিৰ উচ্ছেদিত কন্যা, সম্প্ৰতি বান অধ্যুষিত দ-পীড়িত অঞ্চল দুসূঁতিমুখৰ আগশাৰীৰ ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, নাৰীবাদী কৰ্মী তথা লেখিকা।

সমাজত দেখা দিয়া বৈষম্য বা দৰিদ্ৰতাৰ কাৰণতে অসমৰ বিভিন্ন জনগোষ্ঠীয় নিৰ্যাতিত মহিলাৰ ন্যায়ৰ যুঁজখনত সকলো সংগঠনে সহযোগ কৰা দেখা নাযায়। উদাহৰণ স্বৰূপে অসমৰ বোকাখাতৰে মাইতী পেগু, মমতা দলে, গহপুৰৰ জানমণি কুটুম আদিৰ ন্যায় আজিও জনতাই লাভ নকৰিলে। আনহাতেদি সৌসিদিনাৰ মণিপুৰৰ উলঙ্গ ঘটনাৰাজি আৰু গুৱাহাটী শিলসাঁকোৰ অৰ্ধ উলঙ্গ প্ৰতিবাদৰ ধামখুমিয়াত সৰ্বভাৰতীয় নাৰীবাদী সভাত অংশগ্ৰহণ কৰা কাৰ্যই এক তাৎপৰ্য বহন কৰিছে। আমাৰ অসমত চৰকাৰৰ দ্বাৰা অতি বেছিকৈ সংঘটিত দমনমূলক কাৰ্য হৈছে অমানৱীয় উচ্ছেদ। য'ত নাৰীয়েই জঘন্য অত্যাচাৰৰ বলি হয়। অসমত চৰকাৰৰ নিৰ্দেশিত এনে অত্যাচাৰত গৰ্ভৱতী নাৰীকো বাদ দিয়া হোৱা নাই। পুলিচ -মিলিটেৰীৰ লাঠী-গুলীত গৰ্ভতে সন্তান হেৰুৱাব লগা হৈছে।

বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বা শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে হিতাধিকাৰীৰ নামত অসমৰ মহিলাক জোৰ-জুলুমকৈ চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰিছে। শেহতীয়াকৈ অমৃত কলহ যাত্ৰাৰ বহুৱাই আনহাতেদি মাইক্ৰফাইনেন্সৰ নামত মহিলাসকলৰ মন-মগজু কেৱল সপ্তাহটোৰ শেষত, মাহটোৰ শেষত কেনেকৈ টকা বোৰ ঘূৰাব পাৰি তাতেই ব্যস্ত ৰখা কু-অভিপ্ৰায়, যাৰবাবে মহিলাই নিজৰ অধিকাৰ, মৰ্যদাৰ কথা ভাবিবলৈ সময় নোপোৱা হ'ল। লাহে লাহে অসমৰ জনতাৰ গণতান্ত্ৰিক প্ৰতিবাদী ভাষাও চৰকাৰে কাঢ়ি নিছে। তাৰ পৰিণতিত কেইটামান দিনৰ আগতে শিলসাঁকো নামৰ ঠাইত চৰকাৰে চলোৱা উচ্ছেদ কাৰ্যক বন্ধ কৰিবলৈ দুগৰাকী মহিলা সতীৰ্থই অৰ্ধনগ্ন হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হয়।

এনেবোৰ অনেক দিশ NAPM‌‌ৰ সৰ্বভাৰতীয় নাৰীবাদী মঞ্চৰ দ্বাৰা অসমত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ দাবী উপস্থাপন কৰে মনিকংকনা বৰবৰাই । লগতে সমগ্ৰ উত্তৰ পূবৰ আন ৭খন ৰাজ্যৰ সামাজিক জীৱনক অধ্যয়ন কৰি সেই ঠাইৰ নাৰীৰ সমস্যাসমূহতো NAPMৰ দ্বাৰা শক্তিশালী আৱাজ তুলাৰ আহ্বান কৰে। পৰৱৰ্তী সময়ৰ বাবে অসমৰ তৰফৰপৰা জীপাল কৃষক-শ্ৰমিক সংঘৰ হৈ সৰ্বভাৰতীয় নাৰীবাদী মঞ্চৰ 'working group'ত অন্তৰ্ভুক্ত হৈছে অসমৰ বোকাখাতস্থ প্ৰগতিশীল নাৰীবাদী কৰ্মী মনিকংকনা বৰবৰাই।

এয়া অসমৰ বাবেই এক গুৰুত্বপূৰ্ণ খবৰ লগতে জীপাল কৃষক-শ্ৰমিক সংঘৰ কৰ্মৰাজীৰ বাবে ভৱিষ্যতে অধিক তাৎপৰ্য বহন কৰাৰ থল আছে বুলি ৰাজনৈতিক সচেতন লোকে মত প্ৰকাশ কৰিছে। আনহাতেদি অসমৰ স্থানীয় জীপাল কৃষক-শ্ৰমিক সংঘৰ সমূহ সদস্যই সতীৰ্থ মণিকংকনা বৰবৰাক অভিনন্দন জ্ঞাপন কৰিছে ।

NAPMৰ সৰ্বভাৰতীয় নাৰীবাদী সভাত অসমৰহৈ জীপাল কৃষক-শ্ৰমিক সংঘৰ অংশগ্ৰহণ
গাইনদীৰ মথাউৰি নিৰ্মাণৰ দাবীত AJYCPৰ বিশাল প্ৰতিবাদী পদযাত্ৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in