নামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সন্দৰ্ভত  ৰাজহুৱা সভা

নামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সন্দৰ্ভত ৰাজহুৱা সভা

Published on

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান সফল ৰূপত সমাপনৰ কল্পে বুধবাৰে নামৰূপ মহাবিদ্যালয়ত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনৰ সঞ্চালনা কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন  চাংমায়ে। নামৰূপৰ বিভিন্ন মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক, বিভিন্ন অনুষ্ঠানৰ বিষয় ববীয়া, প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা নামৰূপৰ ৰাইজ উপস্থিত থকা সভা খনত  সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যক্ষ ডঃ দুৰ্গা প্ৰসাদ গগৈয়ে।  

অধ্যক্ষ ড০ গগৈয়ে  ডিচেম্বৰ মাহৰ ২৯ আৰু ৩০ তাৰিখে বৰ্ষ জোৰা সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ মনস্থ কৰাৰ কথা সভাত উল্লেখ কৰে।সোণালী জয়ন্তী বৰ্ষত মহাবিদ্যালয়খনে সমাপন কৰা কিছু কামৰ খতিয়ান দাঙি ধৰাৰ লগতে চলিত বছৰতে  মহাবিদ্যালয়ত নাক উপস্থিত হৈ  মহাবিদ্যালয় খনৰ নাকৰ B+ গ্ৰেট প্ৰদান কৰাৰ কথাও অৱগত কৰে। 

সৰ্ব সন্মতি ক্ৰমে ডিচেম্বৰ মাহৰ উক্ত তাৰিখে সমাৰোহখনি উদযাপনৰ সমৰ্থন জনাই ৰাইজে। সভাত মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ  অধ্যাপিকা ড০ ছবি গগৈয়ে  কায্যসূচীৰ খচৰা পাঠ কৰে। ইয়াৰ পিছতে  সকলোৱে খচৰাৰ সন্দৰ্ভত মত বিনিময় কৰে।

দুদিনীয়া বিস্তৃত কায্যসূচী সর্বাংগ সুন্দৰ ৰূপে  অনুষ্ঠিত কৰিবলৈ প্ৰয়োজনীয়  অৰ্থ সন্দৰ্ভতো সভাই বিভিন্ন মতামত আগবঢ়াই। বুধবাৰৰ সভাত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত সমাজ সেৱক ৰঞ্জিত বৰুৱা, যোৰহাট কাকজান চিপহা সত্ৰৰ ডেকা সত্ৰীয়া বিপুল মহন্ত,  নামৰূপ শিক্ষক  মহাবিদ্যালয়ৰ অধ্যক্ষা স্মৃতি দত্ত বৰা,  টিলেশ্বৰ বৰা, ধ্ৰুৱ শইকীয়া,  শুভকৰণ  কোহাঁই , নামৰূপ পৌৰসভাৰ পৌৰপতি প্ৰশান্ত গগৈ, উপ পৌৰপতি নিতু সোনোৱাল,  নবীন বৰুৱা, সমলয় কবি চক্ৰৰ সভাপতি গৌৰী চুৱেদৰ বৰা প্ৰমুখ্য নামৰূপৰ গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

নামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সন্দৰ্ভত  ৰাজহুৱা সভা
ব্যৱসায়ীৰ মহানুভৱতা : বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শীতল খোৱাপানীৰ ব্যৱস্থা
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in