শামুকৰ খোলাত চিত্ৰ অংকন, গোগামুখৰ যুৱকে লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি

এগৰাকী স্বভাৱ সিদ্ধ প্ৰত্যয়ী যুৱক। নিজস্বভাৱে ব্যতিক্ৰমী কিবা এটা কৰাৰ দুৰ্বাৰ বাসনা যুৱকজনৰ

author-image
Asomiya Pratidin
New Update
শামুকৰ খোলাত চিত্ৰ অংকন, গোগামুখৰ যুৱকে লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি

ডিজিটেল সংবাদ,ঢকুৱাখনা : এগৰাকী স্বভাৱ সিদ্ধ প্ৰত্যয়ী যুৱক। নিজস্বভাৱে ব্যতিক্ৰমী কিবা এটা কৰাৰ দুৰ্বাৰ বাসনা যুৱকজনৰ। জীৱন যাত্ৰাৰ সমান্তৰাল ভাৱে হস্তশিল্পৰ এখন মনোৰমী জগতত বিচৰণ কৰিবলৈ একাগ্ৰ হৈ পৰা যুৱকজনে নিজৰ কষ্ট তথা একাগ্ৰতাৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল।

যুৱকজন হৈছে ধেমাজি জিলাৰ গোগামুখৰ প্ৰতিভাধৰ মনোৰঞ্জন পেগু। পেছাগত ভাৱে গোগামুখ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগত অধ্যাপনা কৰে মনোৰঞ্জন পেগুৱে। পেছাগত কৰ্মব্যস্ততাৰ মাজতে হস্তশিল্প আৰু চিত্ৰ কলাৰ এখন ব্যতিক্ৰমী জগতৰ নিগাজী বাসিন্দা এইগৰাকী মনোৰঞ্জন পেগু ।

সততে খেতি পথাৰত উপলব্ধ মৃত শামুকৰ খোলাক উপজীৱ্য কৰি মনোৰঞ্জনে গঢ়ি তুলিছে চিত্ৰ শিল্পৰ এখন সেন্দুৰীয়া জগত। উপেক্ষিত অনাদৃত শামুকৰ খোলা সমূহ সংগ্ৰহ কৰি পেগুৱে ঘৰতে সৃষ্টিশীলতাৰ অপূৰ্ব ক্ষেত্র এখন গঢ়ি তুলিছে। সুদীর্ঘ কাল ধৰি নিৰন্তৰ প্ৰয়াস চলাই ক্ষুদ্ৰ ক্ষুদ্ৰ শামুকৰ খোলাত অংকিত কৰিছে থলুৱা জাতি জনগোষ্ঠীৰ স্বকীয় জাতীয় বস্ত্ৰৰ দৃষ্টিনন্দন ছবি।

নিথৰ নিৰ্জীৱ শুষ্ক শামুকৰ খোলাকো নব্য প্ৰাণৰ সঞ্চাৰ কৰিবলৈ সমৰ্থ হোৱা মনোৰঞ্জনৰ এই নিখুঁত হস্ত শিল্পই শেহতীয়া ভাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি আজুৰি আনিবলৈ সক্ষম হৈছে। অধ্যাপনাৰ লগতে মুৰুলী বজাই ,ঐনিতম গাই ভাল পোৱা সৃষ্টিশীল যুৱক মনোৰঞ্জন পেগুৰ বাসগৃহৰ প্ৰতিটো কোঠা ভৰি পৰিছে চিত্ৰ শিল্পীজনৰ নিখুঁত চিত্ৰকলাৰ অপূৰ্ব নিৰ্দশনেৰে।

চিত্ৰশিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰাণৰ সঞ্চাৰ ঘটা শামুকৰ খোলাত অসমীয়াৰ স্বাভিমানী জাতীয় বস্ত্ৰ ফুলাম গামোচা আৰু গামোচাৰ ফুলৰ অংশত জাতীয় বাদ্য ঢোল, তাল, শংখ ,জাপি আদিৰ সূক্ষ্ম সূক্ষ্ম ছবি অংকিত কৰিছে।

শামুকৰ শুকান খোলাত চিত্ৰ শিল্পৰ ৰসাল আস্বাদন ঘটাবলৈ সক্ষম হোৱা মনোৰঞ্জন পেগুৱে এই ব্যতিক্ৰমী প্ৰতিভাৰ জৰিয়তে সম্প্ৰতি ইণ্ডিয়া বুক অব ৰেকৰ্ড আৰু এছিয়া বুক অব ৰেকৰ্ড-২০২৩ ত নিজৰ নাম স্বৰ্ণউজ্জ্বল আখৰেৰে খোদিত কৰিবলৈ সক্ষম হৈছে।

শামুকৰ খোলাত আটাইতকৈ সৰু অসমীয়াৰ ফুলাম গামোচাৰ নিখুঁত প্ৰতিচ্ছবি অংকন কৰি ইণ্ডিয়া বুক অব ৰেকৰ্ড আৰু এছিয়া বুক অব ৰেকৰ্ড২০২৩ ৰ স্বীকৃতি অর্জন কৰিবলৈ সক্ষম হোৱা প্ৰতিভাধৰ মনোৰঞ্জন পেগুৱে লাভ কৰা এই ৰাষ্ট্ৰীয় স্বীকৃতিত উল্লাসৰ বন্যা বৈছে গোগামুখত। চিত্ৰশিল্পী মনোৰঞ্জনেও এই স্বীকৃতিয়ে ভৱিষ্যতৰ দিনত সৃষ্টিশীলতাৰ ধাৰা অধিক গতিশীল কৰিব বুলি উচ্চাসেৰে জানিবলৈ দিলে ।

Also Read: গুৱাহাটীত উপস্থিত নিৰ্বাচনী আয়োগৰ দল, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত হ'ব শুনানি

award