দুৰৱস্থা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ! মৰণফান্দত পৰিণত ঘাইপথটো…

দুৰৱস্থা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ! মৰণফান্দত পৰিণত ঘাইপথটো…

author-image
asomiyapratidin
New Update
দুৰৱস্থা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ! মৰণফান্দত পৰিণত ঘাইপথটো…

ডিজিটেল ডেস্ক : পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা চৰকাৰৰ কাণ-সাৰ নাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰতি । ফ'ৰলেন নিৰ্মাণৰ নামত মৰণফান্দত পৰিণত কৰা ঘাইপথটোৰে যাতায়ত কৰা হাজাৰ হাজাৰ লোকে ভূগিব লগীয়া হৈছে ইয়াৰ পৰিণাম । ৰাজ্যখনত ৬৮০ কিলোমিটাৰ বিস্তৃত ঘাইপথটোৰ ৪৯৮ কিলোমিটাৰৰেই অৱস্থা শোচনীয়া । প্ৰধান মন্ত্ৰী মোডীয়ে সঘনাই অষ্টনক্ষ্মী বুলি মন্তব্য কৰি অহা উত্তৰ-পূবৰ অসম-অৰুণাচল প্ৰদেশ সংযোগী এই ঘাইপথৰ দুৰৱস্থাৰ বাবে নিতৌ সংঘটিত হৈ আহিছে বিভিন্ন দূৰ্ঘটনা । তাৰ পাছতো কোনো ভ্ৰূক্ষেপ নাই চৰকাৰৰ ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথটোৰ এনে অৱস্থাৰ পাছতো ঠায়ে ঠায়ে অবাধে চলিছে টোলগেটসমূহ । বিগত দুটা বছৰতে ৪০৪ কোটি ৬১ লাখ টকা সংগ্ৰহ টোল আদায়ৰ পৰা ।

আৰু পঢ়ক : হঠাৎ ৰাজ্যৰ শতাধিক নেতা সন্ধানহীন !

assam bjp Transport Department