অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তলৈ 'ৰাষ্ট্ৰীয় আইন দিৱস পুৰস্কাৰ'

সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি এইবাৰ ইণ্ডিয়ান "কাউঞ্চিল অৱ জুৰিষ্টছ"-এ অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তলৈ আগবঢ়াই বিশেষ বঁটা।

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তলৈ 'ৰাষ্ট্ৰীয় আইন দিৱস পুৰস্কাৰ'

ডিজিটেল ডেস্ক: সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি এইবাৰ ইণ্ডিয়ান "কাউঞ্চিল অৱ জুৰিষ্টছ"-এ অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তলৈ আগবঢ়াই বিশেষ বঁটা।

আইন-শৃংখলাৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে মহন্তক সন্মানীয় "ৰাষ্ট্ৰীয় আইন দিৱস পুৰস্কাৰ" প্ৰদান কৰে। শনিবাৰে নতুন দিল্লীৰ "ইণ্ডিয়ান ল ইনষ্টিটিউট"ত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহন্তক এই বঁটা প্ৰদান কৰে।ভাৰতবৰ্ষৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ কে জি বালাকৃষ্ণনে এই বঁটা প্ৰদান কৰে।

'ৰাষ্ট্ৰীয় আইন দিৱস পুৰস্কাৰ'  User
'ৰাষ্ট্ৰীয় আইন দিৱস পুৰস্কাৰ' User

এই বঁটা গ্ৰহণ কৰি টুইট যোগে মহন্তই কয় যে এই বঁটাৰে কেৱল এজন ব্যক্তি নহয়, অসম আৰক্ষীক স্বীকৃতি দিয়া হৈছে। অসম পুলিচৰ বিষয়া কৰ্মচাৰী সকলৰ আত্মত্যাগ, একবদ্ধ প্ৰচেষ্টা আৰু দক্ষতাৰ বাবে অসমত আজি শান্তি বিৰাজমান বুলি কয় মহন্তই।

'ৰাষ্ট্ৰীয় আইন দিৱস পুৰস্কাৰ'  User
'ৰাষ্ট্ৰীয় আইন দিৱস পুৰস্কাৰ' User

লগতে কয় যে এই সন্মান অসম আৰক্ষীৰ সকলো সদস্যৰ অৱদানৰ স্বীকৃতি ।তদুপৰি এই স্বীকৃতিয়ে নিঃসন্দেহে তেওঁক অধিক উৎসাহিত আৰু দায়বদ্ধ কৰি তুলিছে বুলিও কয়।

আৰু পঢ়ক: কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন...

assam Assam police