নতুন সাহিত্য পৰিষদ বৰক্ষেত্ৰী শাখাৰ ত্ৰয়োদশ সন্মিলন

নতুন সাহিত্য পৰিষদ, বৰক্ষেত্ৰী শাখাৰ ত্ৰয়োদশ সন্মিলন বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷

author-image
Asomiya Pratidin
New Update
নতুন সাহিত্য পৰিষদ বৰক্ষেত্ৰী শাখাৰ ত্ৰয়োদশ সন্মিলন

ডিজিটেল সংবাদ, দৌলাশালঃ নতুন সাহিত্য পৰিষদ, বৰক্ষেত্ৰী শাখাৰ ত্ৰয়োদশ সন্মিলন বিস্তৃত কাৰ্যসূচীৰে সোমবাৰে মুকালমুৱাস্থিত আদৰ্শ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ যায় ৷ বৰক্ষেত্ৰী শাখাৰ সভাপতি নগেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনখন গীত, কথা-কবিতাৰে জীপাল হৈ পৰে ৷ সভাৰ আৰম্ভণিতে বিশিষ্ট অৰ্থনীতিবিদ প্ৰয়াত অনন্ত কলিতা, চিত্ৰশিল্পী প্ৰয়াত কিৰণ শংকৰ ৰয় আৰু শিল্পী পেঞ্চনাৰ সদ্য প্ৰয়াত কুমাৰ নৃপেন্দ্ৰ হালৈৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকপ্ৰস্তাৱ গ্ৰহণ কৰে ৷

সন্মিলনত নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সদস্য পৰীক্ষিত বৈশ্যই পৰ্য্যবেক্ষক হিচাপে উপস্থিত থাকি সাহিত্য পৰিষদৰ কাৰ্যপন্থা সম্পৰ্কত মন্তব্য প্ৰদান কৰে ৷ পৰীক্ষিত বৈশ্যই নতুন সাহিত্য পৰিষদৰ সদস্যসকলক প্ৰগতিশীল চিন্তা চৰ্চাৰে উপন্যাস, গল্প, কবিতা, নাটক সৃষ্টি কৰিব লাগিব বুলিও কয়। যাতে সমাজখনৰ বাস্তৱ ছবিখন হুবহু প্ৰকাশ পায় ৷ সন্মিলনত আগন্তুক কাৰ্যবৰ্ষৰ বাবে নগেন দাসক সভাপতি আৰু ৰমনী নাথক সম্পাদক হিচাপে লৈ ১১ জনীয়া সমিতিখন গঠন কৰে ৷

সন্মিলনত জনতা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰাধন শিক্ষক আয়ুব আলীয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ বৰক্ষেত্ৰী শাখাৰ সদস্য ক্ৰমে নৃপেন শৰ্মা, ৰেকিবুক হ'ক, গাজিউৰ ৰহমান চৌধুৰী, আব্দুছ ছালাম, আক্ৰাম হুছেইন শিকদাৰে কবিতা পাঠ কৰে ৷ সন্মিলনীয়ে ড্ৰাগছ, মদ, ভাং, অন্ধবিশ্বাস, ধৰ্মান্ধতাৰে অপসংস্কৃতিৰ গ্ৰাসত ককবকাই থকা অসমীয়া সমাজখন আৰু এই অপসংস্কৃতিৰ বিৰুদ্ধে সুস্থ সংস্কৃতি গঢ়ি তোলাৰ বাবে নতুন সাহিত্য পৰিষদ বৰক্ষেত্ৰী শাখাই কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ সিন্ধান্ত কৰে ।

Also Read: বিধ্বস্ত পথঃ প্ৰতিবাদত নামিল মহিলা...

অসমীয়া সাহিত্য চৰ্চা