নৱম ইলোৰা-অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ 'নেলীৰ কথা'

নৱম ইলোৰা-অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ 'নেলীৰ কথা'
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও: অসমীয়া কথাছবি “নেলীৰ কথা“ৰ অন্য এক সফলতা। নৱম ইলোৰা-অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পূৰ্ণদৈৰ্ঘৰ অসমীয়া মননশীল চিনেমা "নেলীৰ কথা" প্ৰতিযোগিতা শাখালৈ নিৰ্বাচন হৈছে। এই চলচ্চিত্ৰ মহোৎসৱ অহা ২০২৪ চনৰ জানুৱাৰী মাহৰ ৩ ৰপৰা ৭ জানুৱাৰীলৈ ঔৰাংগবাদত অনুষ্ঠিত হ'ব।

পৰিচালক পাৰ্থজিৎ বৰুৱাই এই সফলতা অলপতে মৃত্যুক সাৱটিলোৱা "নেলীৰ কথা"ৰ সংগীত পৰিচালক ডেনিয়েল ইংতি আৰু এই চিনেমাখনতেই অভিনয় কৰা মুকুট চন্দ্ৰ ভূঞাৰ নামত উৎসৰ্গা কৰিছে।

অহা ৮ ডিচেম্বৰত সমগ্ৰ অসমতে মুক্তি পাবলগীয়া এই চিনেমাখনে ইতিমধ্যে গ্ৰীচৰ ৬৪তম থেছালনিকী আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগলৈ আমন্ত্ৰণ লাভ কৰিছে ৷ নেলীৰ গণহত্যাক মূল বিষয় হিচাপেলৈ সংবেদনশীলতাৰে "নেলীৰ কথা" চিনেমাখন নিৰ্মাণ কৰিছে। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাও জিলা) নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক আজিও অসমীয়া সমাজে পাহৰিব পৰা নাই।

"নেলীৰ কথা" চিনেমাখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ পাৰ্থজিৎ বৰুৱাৰ। চানলিষ্ট ষ্টুডিঅ'ৰ বেনাৰত তেওঁ প্ৰযোজনা কৰা এই ছবিখনৰ সহকাৰী সংলাপ দিছে প্ৰাঞ্জল কুমাৰ মহন্তই। নীল বৰ্মন চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক । সুমন দুৱৰাই চিনেমাখনৰ ফটোগ্ৰাফী কৰিছে। সম্পাদনা হীৰক জ্যোতি পাঠকৰ, চাউণ্ড ডিজাইন আৰু মিক্সিং দেৱজিৎ গায়নৰ, কালাৰ গ্ৰেডিং ৰাজেশ যাদৱৰ লগতে সংগীত ডেনিয়েল ইংতিৰ।

"নেলীৰ কথা" শীৰ্ষক এই চিনেমাখনত অভিনয় কৰিছে ক্ৰমে অৰ্ঘদ্বীপ বৰুৱা, স্বাগতা ভৰালী, ৰয়ন্তী ৰাভা, ধনঞ্জয় দেৱনাথ, মহেন্দ্ৰ দাস, সুদৰ্শন নাথ, সপোনটি বৰদলৈ, ড° আশা কুঠাৰী চৌধুৰী, মুকুট চন্দ্ৰ ভূঞা, সুনয়না দত্ত, সমৰ জ্যোতি চৰকাৰ, মিণ্টু বৰুৱা, বৈষ্ণবী বৰা, সঞ্জীৱনী বৰা, চুচমিতা শইকীয়া, ত্ৰিদিশা আৰ. পৰাশৰ, পুনীৰাম শইকীয়া, লক্ষ্য জ্যোতি শইকীয়া আৰু ৰূপম শইকীয়া আদিl

নৱম ইলোৰা-অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ 'নেলীৰ কথা'
চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবেই চৰকাৰী বিষয়াক ডিঙি কাটি হত্যা চালকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in