ডিজিটেল ডেস্ক : এতিয়াৰে পৰা জৰুৰীকালীন সেৱাৰ নম্বৰ কেৱল ১০৮ নহয়। এতিয়াৰে পৰা উপলব্ধ ১০৩৩ নম্বৰত। মহানগৰীৰ গড়চুক আৰক্ষী থানাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এম্বুলেঞ্চ সেৱা।
উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তত্বাৱধানত চলিব এই এম্বুলেঞ্চ সেৱা। পৰিৱহন বিভাগ, জিলা পথ সুৰক্ষা কমিটীৰ আলোচনা মৰ্মে এই পদক্ষেপ গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হোৱা লোকৰ সেৱাৰ্থে এই এম্বুলেঞ্চ সেৱা মুকলি কৰা হৈছে। গড়চুক আৰু সোণাপুৰ আৰক্ষী থানাত থাকিব একোখনকৈ এম্বুলেঞ্চ।
মুকলি অনুষ্ঠানত উপস্থিত থাকে সহকাৰী আয়ুক্ত গৌতম দাস, পৰিবহণ বিষয়া হিমাংশু দাস, যানবাহন আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল। লগতে উপস্থিত থাকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়ববীয়া। ইফালে পথ দুৰ্ঘটনা ৰোধৰ বাবে এক সজাগতামূলক বাট নাট প্ৰদৰ্শন কৰা হয়।