বিৰোধী ঐক্য মঞ্চ নহয় এতিয়াৰে পৰা অসম সন্মিলিত মৰ্চা

কংগ্ৰেছকে ধৰি এই আটাইকেটা দলৰ সমষ্টিয়েই হৈছে অসম সন্মিলিত মৰ্চা
বিৰোধী ঐক্য মঞ্চ নহয় এতিয়াৰে পৰা অসম সন্মিলিত মৰ্চা
Published on
Updated on

ডিজিটেল ডেস্ক : পূৰ্বৰ নাম সলনি কৰি এতিয়া নতুন নামেৰে নামকৰণ কৰা হৈছে বিৰোধী ঐক্য মঞ্চক। বিৰোধী ঐক্য মঞ্চই এতিয়াৰে পৰা অসম সন্মিলিত মৰ্চা হিচাপে কাম কাজ কৰি যাব। এক কথাত বিৰোধী ঐক্য মঞ্চৰ নতুন নাম হৈছে অসম সন্মিলিত মৰ্চা।

২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাই হ’ব অসম সন্মিলিত মৰ্চাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। শনিবাৰে এই কথা সদৰী কৰে অসম সন্মিলিত মঞ্চৰ সাধাৰণ সম্পাদক তথা অ জা পৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে বিগত লোকসভা নিৰ্বাচনত বিৰোধী ৰাজনৈতিক দলসমূহ এক লগ হৈ বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিল। এই বিৰোধী ঐক্য মঞ্চ তথা এতিয়াৰ অসম সন্মিলিত মৰ্চাত ১৬ টা সহযোগী ৰাজনৈতিক দল আছে। কংগ্ৰেছকে ধৰি এই আটাইকেটা দলৰ সমষ্টিয়েই হৈছে অসম সন্মিলিত মৰ্চা।

বিৰোধী ঐক্য মঞ্চ নহয় এতিয়াৰে পৰা অসম সন্মিলিত মৰ্চা
লক্ষীপুৰ মহকুমাক সমজিলা হিচাপে উদ্বোধন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in