ভূ গৰ্ভস্থ জল নিষ্কাষনৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে নতুন নিয়ম

জল নিষ্কাষনৰ পূৰ্বে ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব নিষ্কাষন কৰিবলৈ ওলোৱা ব্যক্তিয়ে

author-image
Asomiya Pratidin
New Update
ভূ গৰ্ভস্থ জল নিষ্কাষনৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে নতুন নিয়ম

ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰে ভূগৰ্ভস্থ জল নিষ্কাষনৰ বাবে ঘোষণা কৰিলে নতুন নিয়ম । অসম ভূগৰ্ভস্থ জল নিয়ন্ত্ৰণ আইন,২০২২ অনুসৰি জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে ঘোষণা কৰিলে এই নিয়ম । নতুন নিয়ম অনুসৰি, বৰ্তমানৰ পৰা জল নিষ্কাষনৰ পূৰ্বে ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব নিষ্কাষন কৰিবলৈ ওলোৱা ব্যক্তিয়ে । ইয়াৰ উপৰিও, নিষ্কাষনৰ কাৰণো দৰ্শাব লাগিব এতিয়াৰে পৰা । অৰ্থাৎ, ঘৰুৱা, বানিজ্যিক নে উদ্যোগিক কাৰণত নিষ্কাষন কৰিব জনাব লাগিব চৰকাৰক । তাৰ সৈতেই, আবেদনকাৰীয়ে নিজৰ অঞ্চলত চৰকাৰী পানী যোগান আচনিৰ উপলব্ধতাহীনৰ প্ৰমাণ পত্ৰও দাখিল কৰিব লাগিব ।

উল্লেখ্য যে, চিকিৎসালয়, চৰকাৰী অতিথি গৃহ, বিদ্যালয় আদিৰ দৰে অনুষ্ঠানে এই সমূহ তথ্যৰ সৈতে এন অ' চি ও দাখিল কৰিব লাগিব নিষ্কাষনৰ বাবে । আনহাতে, টিউবৱেল নিৰ্মাণৰ বাবেও অন্তত: ৩০ দিন পূৰ্বেই ল'ব লাগিব অনুমতি ।

assam irrigation department ashok singhal