দেশৰ ২২ স্থানত নিয়াৰ অভিযানঃ জৈশ ই মহম্মদৰে সম্পৰ্ক ৰক্ষা কৰাৰ সন্দেহত অসমত ৮ জনক আটক...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্বেগ প্ৰকাশ

author-image
Asomiya Pratidin
New Update
দেশৰ ২২ স্থানত নিয়াৰ অভিযানঃ জৈশ ই মহম্মদৰে সম্পৰ্ক ৰক্ষা কৰাৰ সন্দেহত অসমত ৮ জনক আটক...

দেশৰ ২২ স্থানত নিয়াৰ অভিযানঃ জৈশ ই মহম্মদৰে সম্পৰ্ক ৰক্ষা কৰাৰ সন্দেহত অসমত ৮ জনক আটক...

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াই অসমসহ দেশৰ মুঠ ২২ টা স্থানত জৈশ ই মহম্মদৰ বিৰুদ্ধে অভিযান চলাইছে। জম্মু কাশ্মীৰ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, অসম, দিল্লীত চলোৱা এই অভিযানত সংগঠনটোৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই আছে।

জানিব পৰা মতে ২ অক্টোবৰত ৰাজস্থানৰ মুঠ ৮ টা ৰে’ল ষ্টেচনত বোমাৰ ভাবুকি লাভ কৰিছিল। জৈশ ই মহম্মদৰ সদস্যৰ পৰিচয়েৰে প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে এই ভাবুকি দিছিল।

ইয়াৰ পূৰ্বে ৩০ অক্টোবৰত গংগানগৰ, হনুমানগড়, যোধপুৰ, বিকানেৰ, কোটা, বুন্দি, উদয়পুৰ আৰু জয়পুৰৰ বহু কেইটা গুৰুত্বপূৰ্ণ স্থান আৰু ৰে’ল ষ্টেচন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল। পাকিস্তানৰ এই সন্ত্ৰাসবাদী সংগঠনটোৰ এনে ভাবুকিৰ পাছতে তৎপৰ হৈ পৰিছে নিয়া।

উল্লেখ্য যে, এই সংগঠনটোৱেই ২০১৯ ত পুলৱামাত আক্ৰমণ কৰিছিল। য’ত ৪৬ জনকৈ ভাৰতীয় সেনা ছহিদ হৈছিল। উল্লেখ্য যে, অসমৰ কেইবাখনো জিলাত নিয়াই চলাই থকা অভিযানত এই পৰ্যন্ত ৮ জনক আটক কৰা হৈছে। জানিব পৰা মতে গোৱালপাৰা জিলাৰ আগিয়া থানাৰ বলবলা আৰু টুক্রাৰ পৰা আৰু দুজনক মেন্দিপথাৰৰ পৰা নিয়াৰ দলে আটক কৰিছে। তেওঁলোকক বৰ্তমান গোৱালপাৰাৰ সংৰক্ষিত আৰক্ষী ছাউনীত ৰখা হৈছে।

নিয়াৰ এই অভিযান সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, নিয়াই উত্তৰ পূবৰ পৰা অভিযান চলাই ৮জনকৈ মৌলবাদীক গ্রেপ্তাৰ কৰিছে। মৌলবাদীৰ বিৰুদ্ধে অভিযান চলালেই অসমৰ এজন হ’লেও ওলায়েই।অসমৰ বাবে এয়া চিন্তনীয় বিষয়।

তাৰোপৰি তেওঁ কয়, অসমত উগ্র মৌলবাদী নেতা ঘূৰি ফুৰা পৰিলক্ষিত হৈছে।সেইসকলে বিভিন্ন লোকক উচটনি দিয়ে।উচ্ছেদিতক উচটনি দিয়া মৌলবাদী শক্তিৰ প্রভাৱ থকা বহু লোক অসমত ঘূৰি আছে। তেওঁলোকে আইন ভংগ কৰাৰ সীমাত অৱস্থান কৰি থাকে। সেয়েহে তেওঁলোকক গ্রেপ্তাৰ কৰিব নোৱাৰি।

Also Read: 'মানৱীয় সহানুভূতি ক্ৰয় কৰিব নালাগে, জন্মগতভাৱে লাভ কৰিছো'- কৈলাশ সত্যাৰ্থী

নিয়া জৈশ ই মহম্মদ