ডিজিটেল সংবাদ, বোকাখাত : বোকাখাতৰ এটি পৰিচিত নাম নিকিতা বৰা। শিশু অভিনেত্ৰী হিচাপে পৰিচিত নিকিতা বৰাই নিজৰ দক্ষতাৰে দেশ-বিদেশত অভিনয় কৰি শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ খিতাপ অৰ্জন কৰি নিজৰ লগতে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। “মিছ ওৱল্ড কিডচ্” নামেৰে খ্যাত নিকিতাই বিগত বৰ্ষ সমূহৰ দৰে ২০২২ বৰ্ষটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা “সদৌ অসম ভিত্তিত একাংক নাট” প্ৰতিয়োগিতা সমূহত অংশ গ্ৰহণ কৰি ৰাজ্যৰ শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, মিচ ইণ্ডিয়া কিডচ্ ২০১৮, মিচ এচিয়া কিডচ্ ২০১৯ লগতে ৫০ খন দেশৰ প্ৰতিযোগীক চেৰ পেলাই মিচ ইউনাইটেড ইউনিভাৰ্চ ওৱল্ড (কিডচ্) ২০১৯ ৰ খিতাপ লাভ কৰা নিকিতাই নৃত্য, সংগীতৰ লগতে অভিনয় ক্ষেত্ৰখনতো নিজৰ দক্ষতাৰে প্ৰতিভা প্ৰদৰ্শন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কণমানি নিকিতাৰ এনে প্ৰতিভাত সমগ্ৰ বোকাখাত গৌৰাৱাম্বিত।
উল্লেখযোগ্য যে, শেহতীয়াকৈ ২০২২ বৰ্ষৰ ২৩ আৰু ২৪ জুলাইত যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলা ভিত্তিত যোৰহাটৰ নঁকাৰি বাপুজি কলাকৃষ্টি সংঘৰ উদ্যোগ অনুষ্ঠিত হোৱা শিশু একাংক নাট প্ৰতিযোগিতাত নাট্যকাৰ ৰাতুল ফুকনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত “ সঁপোন বোৰ পক্ষী হৈ উৰিব” নাটকত “নিকি” চৰিত্ৰত অভিনয় কৰি নিকিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি ২০২২ চনৰ ২২ অক্টোবৰ তাৰিখে বজালী জিলাৰ পাটাছাৰকুছিত প্ৰাগ জ্যোতি ক্লাবে ভূপেন হাজৰিকাৰ পেক্ষাগৃহত অনুষ্ঠিত কৰা মন্টু কুমাৰ শৰ্মাৰ সোঁৱৰণীত অনুষ্ঠিত কৰা পঞ্চম সংখ্যক সদৌ অসম একাংক নাট প্ৰতিযোগিতাত নাট্যকাৰ ৰাতুল ফুকনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত তৃতীয় শ্ৰেষ্ঠ নাটক “জীয়া শিলে কথা কব ” নাটকত “মামন” চৰিত্ৰত অভিনয় কৰি নিকিতাই শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।
ইয়াৰ সমান্তৰালভাৱে ২০২২ বৰ্ষৰ ৩০ অক্টোবৰত তেজপুৰ জিলাৰ পিঠাখোৱাত ৰেঙণি যুৱ সংঘ (বিহগুৰি) ৰ উদ্যোগত নাট্যশিল্পী প্ৰয়াত কমল নাথ আৰু প্ৰদীপ দাসৰ সোঁৱৰণীত বিহগুৰি বালিকা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ অসম একাংক নাট প্ৰতিযোগিতাত প্ৰয়াস নাট্য বিদ্যালয়ৰ হৈ পৰিচালক আৰু নাট্যকাৰ ৰাতুল ফুকনৰ দ্বাৰা ৰচিত “জীয়া শিলে কথা কব” নাটখনিত “মামন” চৰিত্ৰত অভিনয় কৰি নিকিতাই শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
ইয়াৰ পাছত চলিত ২০২২ বৰ্ষৰ ১১ আৰু ১২ নৱেম্বৰত নলবাৰীৰ দক্ষিণ পাটসৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা প্ৰজন্মৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক সদৌ অসম একাংক নাট প্ৰতিযোগিতাত ৰাতুল ফুকনৰ দ্বাৰা ৰচিত “ জীয়া শিলে কথা কব ” নাটকত “মামন” চৰিত্ৰত অভিনয় কৰি পুনৰ শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ সন্মান বুটলিবলৈ সক্ষম হয় বোকাখাতৰ কণমানি নিকিতা বৰাই।
ঠিক একেদৰে ২০২২ বৰ্ষৰ ১৮ আৰু ১৯ নৱেম্বৰত বিশ্বনাথ চাৰিআলিত সদৌ অসম সূৰ্য্য বৰা সোঁৱৰণি নাট প্ৰতিযোগিতা সমিতিৰ উদ্যোগত অনুষ্ঠিত ৬১ সংখ্যক বাৰ্ষিক প্ৰতিযোগিতাত বোকাখাতৰ প্ৰয়াস নাট্য বিদ্যালয়ৰ হৈ উক্ত উল্লেখিত একেখন নাটক আৰু একেটা চৰিত্ৰত অভিনয় কৰি নিকিতাই পুনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি চলিত বৰ্ষৰ ২০,২১ আৰু ২২ নৱেম্বৰত শোনিতপুৰ জিলাৰ তেজপুৰৰ দ-পৰ্বতীয়াত নাট্য সম্ৰাট প্ৰফুল্ল বৰাৰ ষষ্ঠ সংখ্যক স্মৃতি দিৱস উপলক্ষে অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাত প্ৰয়াস নাট্য বিদ্যালয়ৰ হৈ নাট্যকাৰ আৰু পৰিচালক ৰাতুল ফুকনৰ দ্বাৰা ৰচিত “জীয়া শিলে কথা কব” নাটকখনিত “মামন” চৰিত্ৰত অভিনয় কৰি বোকাখাতৰ কণমানি নিকিতাই শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হয়।
ইপিনে, প্ৰতিবছৰে মইনা পাৰিজাতে আয়োজন কৰি অহাৰ সমান্তৰালভাৱে চলিত ২০২২ বৰ্ষটো সদৌ অসম মইনা পাৰিজাত আৰু কলিয়াবৰ জিলা মইনা পাৰিজাতৰ সহযোগত আয়োজন কৰা দশম ৰাজ্যিক শিশু একাংক নাট প্ৰতিযোগিতাত নাট্যকাৰ ৰাতুল ফুকনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত “ সঁপোন বোৰ পক্ষী হৈ উৰিব ” নাটকখনিত “নিকি” চৰিত্ৰত অভিনয় কৰি বোকাখাত জিলা মইনা পাৰিজাতৰ হৈ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি চলিত বৰ্ষৰ ২৮ আগষ্টত বোকাখাত জিলা মইনা পাৰিজাতে আয়োজন কৰা শিশু একাংক নাট প্ৰতিযোগিতাত বিশিষ্ট নাট্যকাৰ আৰু পৰিচালক ৰাতুল ফুকনৰ দ্বাৰা ৰচিত “ সঁপোন বোৰ পক্ষী হৈ উৰিব ” নাটকখনিত ” নিকিতাই “নিকি” চৰিত্ৰত অভিনয় কৰি পুনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। অন্যহাতে নৱ তৰংগৰ উদ্যোগত কুৰুৱাবাহী সত্ৰৰ কলাকৃষ্টি বিকাশ কেন্দ্ৰই আয়োজন কৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাত “গৰখীয়া কৃষ্ণৰ” ভাৱত অভিনয় কৰি কণমানি নিকিতাই ৰাইজৰ পৰা সন্মান বুটলিবলৈ সক্ষম হয়।
অন্যহাতে, হিমাচল প্ৰদেশৰ চিমলাত অনুষ্ঠিত কৰা চতুৰ্থ সৰ্বভাৰতীয় নাট,নৃত্য আৰু বাদ্যযন্ত্ৰ প্ৰতিযোগিতাত নিকিতাই ১৭ খন ৰাজ্যৰ ভিতৰত অংশগ্ৰহণ কৰি নৃত্যত প্ৰথম,ছেমি ক্লাচিকেলত দ্বিতীয়,আধুনিক নৃত্যত তৃতীয় আৰু লোক নৃত্যত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ উক্ত অনুষ্ঠানত নিকিতাই সৰ্বভাৰতীয় পৰ্যায়ৰ চাৰিটাকৈ পুৰস্কাৰ লাভ কৰাৰ বাবে বিশেষ “কলাপ্ৰভা” বঁটা লাভ কৰে। ইপিনে, ১ মেৰ পৰা ৩ মে লৈকে থাইলেণ্ডত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকল ২০১৯ ৰ “মিছ কিড ইউনাইটেড ইউনিভাৰ্ছ ইন্টাৰ নেচনেল ” প্ৰতিয়োগিতাত নিজৰ দক্ষতাৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ৰাজ্যৰ লগতে দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷ ইপিনে, উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা ইউনিভাছেল ৰং মহোৎসৱত বোকাখাতৰ জোনাক শিল্পী দলৰ হৈ নিকিতাই প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি মিছ ওৱল্ড কিডচ নিকিতাই বিহুনৃত্য,আধুনিক নৃত্য, সত্ৰীয়া নৃত্য, লোকনৃত্য ৰ ওপৰিত ৰাস মহোৎসৱৰ লগতে ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বোকাখাত পৌৰসভাৰ উদ্যোগত অনুষ্ঠিত আজাদী কা অমৃত মহোৎসৱত জাতীয় সাজপাৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি “মুকলি” শাখাত প্ৰথম স্থান লাভ কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হয় ৷