ডিজিটেল ডেস্কঃ মালিগাঁৱৰ নীলাচল উৰণ সেতু উদ্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ব্রহ্মপুত্রৰ বুকুত নিৰ্মাণ হ’ব আৰু এখন নতুন দলং। পলাশবাৰী আৰু শুৱালকুছিৰ মাজত হ'ব লগীয়া এই দলংখনে যোগাযোগ ব্যৱস্থাক আৰু এখোজ আগুৱাই নিব বুলি মন্তব্য মুখ্যমন্ত্রীগৰাকীৰ।
উক্ত অনুষ্ঠানতেই বিমান বন্দৰৰ পৰা ব্রহ্মপুত্রৰ মাজেৰে কামাখ্যালৈ আন এখন উৰণ সেতু হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিমান বন্দৰৰ পৰা ধাৰাপুৰ হৈ গুৱাহাটীলৈ অহা পথটো ৬লেনযুক্ত হ’ব বুলিও মন্তব্যত উল্লেখ কৰে মুখ্যমমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তদুপৰি ভৰলুমুখৰ ৰে’লৱে ক্রচিঙৰ ওপৰতো আৰু এখন উৰণ সেতু নিৰ্মাণ হোৱাৰ সমান্তৰালভাবে পূৰ্বতে ঘোষণা কৰা অনুসৰি ৰাজীৱ ভৱনৰ সন্মুখ আৰু ডাউন টাউন হাস্পতালৰ সন্মুখত সেতু নিৰ্মাণ হোৱাৰ কথাও অৱগত কৰে। আকৌ ৰিজাৰ্ভ বেংকৰ পৰা বামুণীমৈদামলৈ আন এখন সৰ্ববৃহৎ উৰণ সেতু নিৰ্মাণ হোৱাৰ কথাও উল্লেখ মুখ্যমন্ত্ৰীৰ।
অহা ছেপ্টেম্বৰৰ পৰা এই উৰণ সেতুৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে দুৰ্গা পূজাৰ পঞ্চমীৰ দিনা জু-ৰোডৰ নতুন উৰণ সেতু উদ্বোধন কৰা হ’ব আৰু এই উৰণ সেতুৰ নাম হ’ব ‘শ্রদ্ধাঞ্জলি’ বুলি ভাষণ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তথ্য অনুসৰি বৰ্তমানলৈকে ২২খন উৰণ সেতু নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। কাজিৰঙাত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু নিৰ্মাণ হোৱাৰ কথাও অৱগত কৰে তেওঁ।
ইপিনে কিছুদিন পিছতে কামাখ্যা ক’ৰিডৰ কাম আৰম্ভ হ’ব তথা কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰ’পৱেৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ ভাষণত জানিবলৈ দিয়ে। '২০২৬ চনৰ আগত সকলো কাম সম্পূৰ্ণ কৰা হ’ব, গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’ব, মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদেৰে দিগ্বিজয়ী যাত্রা অব্যাহত থাকিব’ বুলি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Also Read: অৱশেষত নিলম্বিত হ'ল বনকৰা মহিলাক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়া