নীলমণি ফুকনে চিঠিত কি লিখি গৈছিল...

author-image
Asomiya Pratidin
New Update
নীলমণি ফুকনে চিঠিত কি লিখি গৈছিল...

'অন্য এক কলংকিত অধ্যায়ৰ বিষয়ে' শীৰ্ষক চিঠিখনত নীলমণি ফুকনে লেখিছে - মৰমৰ নিত্য, অসমীয়া প্ৰতিদিনত ২৫ জুন, ২০০৪ত ওলোৱা 'অন্য এক কলংকিত অধ্যায় আৰু কবি নীলমণি ফুকন প্ৰসংগ' শীতানৰ প্ৰৱন্ধটো পঢ়ি অসমীয়া সাহিত্যত সেইটো এটা অদৃষ্টপূৰ্ব ঘটনা । জনাত এনে গৰ্হিত কাম পৃথিৱীৰ সাহিত্যিক সমাজত ক'তো কোনেও কাহানিও কৰা নাই । তেনে কাম কৰা কপোতীয়া ৰুগ্ন মানসিকতাৰ মানুহ কোনো সাহিত্যিক সমাজতেই বোধহয় নোলাব । মই এতিয়া আকৌ সেই গেলা ওকটিবলৈ ওলোৱা নাই, যিটো মোৰ স্ভবাৱ নহয় ।

আজিৰ পৰা ৩০ বছৰৰ আগতেই মোৰ লেখক জীৱনৰ এই কলংকিত অধ্যায়টো; - সংজ্ঞাৰ প্ৰস্তাৱনা সংখ্যাতেই (মাৰ্চ-এপ্ৰিল : ১৯৭৫ত) - অসমত কাব্য চৰ্চা : এটা দু:স্বপ্নৰ অভিজ্ঞতা" নামৰ এটা প্ৰৱন্ধৰে সামৰণি মাৰিলো । মোৰ ক'বলগীয়া খিনি তাতেই কোৱা হ'ল; দুই-এক কথা ক'বলৈ থাকিল, সৎ নগ'ল ।

দুজন মোৰ শুভাকাংক্ষী, বিদগ্ধ বিদ্যানে " আমাৰ প্ৰতিনিধিৰ কাণ্ডটো মোক আওকান কৰিবলৈ কৈছিল, মই আওকাণ কৰিবলৈ টান পালো । মোৰ বিৰুদ্ধে জনৈক মৃদুপৱন বৰুৱাই তোলা অভিযোগটো গুৰুতৰ, লেখক হিচাপে মোৰ নীতি-নিষ্ঠা, বিবেক আৰু সততাৰ কথাটো তাত জড়িত হৈ আছে । লেখক এজনৰ বাবে সততাৰ, বিবেকৰ কথাটো সামান্য কথা নহয় । আমাৰ নিচিনা এখন সমাজত এজন মানুহ যিমান দূৰ সৎ হৈ থাকিব পাৰে সিমানখিনি সৎ হৈ থাকিবলৈ মই আপ্ৰাণ চেষ্টা কৰি আহিছো । কেতিয়াবাই পঢ়া হোৰেছৰ এফাকি কথা এতিয়াও মনত ৰাখি থৈছো । যিজন কবি, শিল্প সম্বন্ধে বিবেকবান, তেওঁ সততেই আত্ম সমালোচনাত পৱিত্ৰ হয় । বহু সহ্য কৰিব নলগীয়া কথা সহ্য কৰি আহিছো । সহিলে সম্পদ, কিন্তু আমাৰ প্ৰতিনিধিৰ উদ্ভৎ কাণ্ডটো সহ্য কৰি মনে মনে থাকিব নোৱাৰিলো । সহ্য কৰি থকাটো মোৰ কাৰণে ভয়ংকৰ যন্ত্ৰণাদায়ক হ'ল হেতেন । কবিতাও শেষ হ'লহেতেন । শেষত গৈ জীৱনটো হ'লগৈ হেতেন এডোখৰ জগা কাঠ । সেই ভাবিয়েই মই প্ৰতিবাদৰ পথ লৈছিলো । মোক সাহ দিছিল ভবেন বৰুৱাই । মোৰ সততাত বিশ্বাস আছিল তেওঁৰ । কৈছিল ভয় নকৰিব, আপুনি যেতিয়া সৎ পথত আছে নহ'লে হেৰুৱাই পেলাব আপোনাৰ লিখাৰ প্ৰেৰণা, শক্তি আৰু লেখক হিচাপে, মানুহ হিচাপে জীয়াই থকাৰ আনন্দ ।"

কাৰ নাম আছে এই পত্ৰত ?

এই পত্ৰত প্ৰত্যক্ষভাৱে তেওঁ কাৰো নামেই লোৱা নাই । কেমিনোৰ কবিতাৰ প্ৰভাৱ পৰা বুলি অপপ্ৰচাৰ কৰা সকলক তেওঁ চিনাক্ত কৰিলেও সেইবোৰ কথা প্ৰত্যক্ষভাৱে কাৰোবাৰ গাত দিয়া নাই । মাথো উল্লেখ কৰি গৈছে সেই সময়ৰ যন্ত্ৰণা । সমালোচক প্ৰদীপ আচাৰ্যক তেওঁ মুকলিকৈ সুধিছিল আপুনি অসমীয়া সাহিত্যৰ বুৰঞ্জীত " মোৰ টোপনিতে, তেওঁ মোক খেদি ফুৰিছিল" নামৰ কবিতাটোত স্পেনিছ কবি কেমিনোৰ প্ৰভাৱ পৰা বুলি কিয় লিখিলে ? কেমিনোৰ সেই কবিতা ক'ত বুলি তেওঁ সুধিছিল আচাৰ্যক । টাবুৰাম টাইদক তেওঁ এখন দৰ্খাস্ত দিছিল । তেতিয়া তেওঁ আছিল এবিলাকৰ সচিব । হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰিছিল অসমীয়া সাহিত্য বুৰঞ্জীৰ শ্ৰেষ্ঠ খণ্ড । তাতেই অসমীয়া কবিতাৰ কুৰিটা বছৰ শীৰ্ষক প্ৰৱন্ধত প্ৰদীপ আচাৰ্যই স্পেনিছ কবি কেমিনোৰ প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰিছিল ।

বিতৰ্কৰ ওৰ পৰা বুলি ভাবিলেও ১৯৯৩ চনত প্ৰকাশ পোৱা এই লেখাই তেওঁক ব্যস্ত কৰিছিল । সেয়েহে এবিলাকৰ সচিব টাবু টাইদক লগ পাই এই কথা কৈছিল । তেৱেই এখন আবেদন দি এই কথা প্ৰকাশ কৰিবলৈ কেছিল নীলমণি ফুকনক । তাৰ কেইবামাহ মানৰ পাছত এবিলাকৰ এখন কাৰ্যনিৰ্বাহক সভাত চিঠি খনৰ প্ৰসংগত কি সিদ্ধা‍ন্ত হ'ল জানিবলৈ বিচাৰিছিল । কোনো এজন কাৰ্যনিৰ্বাহক সদস্যই কথাটোত গুৰুত্ব নিদিলে । একো আলোচনাই নহ'ল । কেৱল নৱকান্ত বৰুৱাই ক'লে তেওঁ কৰ'বাত পাইছে । ক'ত পাইছে জানিব বিচৰাত সেইয়া তেওঁ ক'ব নোৱাৰিলে ।

পত্ৰখনত নীলমণি ফুকনে সেই কথা উল্লেখ কৰিছে এইদৰে । সেইদিনা উপস্থিত থকা কোনো এজন সদস্যই মোৰ কথাটোত তিলমানো গুৰুত্ব নিদিলে । চিঠিখনৰ একো আলোচনাই নহ'ল । কেৱল নৱকান্ত বৰুৱাই ক'লে, "তেওঁ কৰ'বাত পাইছে" । মই ক'লো ক'ত পাইছে, সেইটো ক'লেই দেখোন হয় । পেঘেনীয়াই থাকিবলৈ মন নহ'ল । শ্ৰী আচাৰ্যই শ্ৰী টাইদৰ চিঠিখনৰ উত্তৰ দিছিল নে নাই, দিছিল যদি কি দিছিল আজিলৈকে নাজানিলো । তাৰ পাছত প্ৰথমতে আগ্ৰহ দেখুৱাই পিছত শ্ৰী টাইদেও মূৰ পোলোকা মাৰিলে ।

শেষত তেওঁ লোখিছে সেই সময়ত তেওঁক কিদৰে নিৰ্যাতন চলোৱা হৈছিল । চোৰধৰা আৰু ঘোষ্ট ৰাইটাৰ নামৰ এখন ব্যংগ নাটিকাও ওলাইছিল আমাৰ প্ৰগতি নামৰ আলোচনীখনত ।

নীলমণি ফুনকে শেষৰ ফালে লিখিছিল চিঠিখনত "আমাৰ প্ৰগতিৰ সেই সংখ্যাটো সদাশয় কোনো লোকে ৰং চাবলৈ বুলি মোলৈ ডাকত পঠিয়াই দিছিল । চিঠিখন আৰু নাটিকাখনৰ ছদ্মবেশী লিখক দুজনেই (নে এজনেই) ছাগৈ ভাবিছিল তেওঁলোকৰ বিদ্বেশ, ক্ৰোধ, ঘৃণা, অপপ্ৰচাৰৰ ভমভমাই জ্বলি থকা জুইত জ্বলি ভষ্ম হৈ গ'লো । ছদ্মনাম লৈ লিখিছিল যদিও সেই ছদ্মবেশতেই চিনো চিনো লাগিছিল দুয়োকে । দুয়ো বগলী ভকত । কথাতেই কয় নহয়, কথাৰ খিচা, সূতাৰ ছিয়া । ০১/০৩/২০০৫ চনত এই পত্ৰ লিখিছিল নীলমণি ফুকনে ।

নীলমণি ফুকন