ডিজিটেল ডেস্ক : নগাঁও জিলাৰ পুৰণিগুদামৰ হালোৱাগাঁও কলিতাচুকৰ নৃত্যশিল্পী তথা কৃতী ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাক গুৱাহাটী খানাপাৰাস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অভিভাৱক বাছ সমিতিয়ে "নৃত্য পাৰদৰ্শী" ২০২২ সন্মান প্ৰদান কৰে।
ৰুক্মিণী নগৰস্থিত প্ৰেক্ষাগৃহত অনুষ্ঠিত কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা প্ৰদান অনুষ্ঠানতেই সত্ৰীয়া নৃত্য আৰু ভাৰত নাট্যমৰ শিল্পী তথা দশমমান শ্ৰেণীৰ ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাক এই সন্মান প্ৰদান কৰে।
অভিভাৱক বাছ সমিতিয়ে ছাত্ৰী গৰাকীক এখন সম্বৰ্ধনা পত্ৰ, এটা স্মাৰক আৰু এখন ফুলাম গামোছাৰে এই সন্মান প্ৰদান কৰে। নৃত্য শিল্পী নীলাঞ্জনা বেজবৰুৱাই কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ অভিভাৱক বাছ সমিতিয়ে আয়োজন কৰা কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানতো সৰ্তীয়া নৃত্য পৰিৱেশন কৰে।
আনহাতে ধনঞ্জয় তালুকদাৰে আঁত ধৰা উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অৱসৰপ্ৰাপ্ত উপায়ুক্ত তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰ উপস্থিত থকাৰ লগতে নিদিষ্ট বক্তা হিচাপে ড° হৰেশ্বৰ শইকীয়া উপস্থিত থাকে । উল্লেখ্য যে নীলাঞ্জনা বেজবৰুৱাৰ এই সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে হালোৱাগাঁও, বঢ়মপুৰৰ ৰাইজ।