ডিজিটেল ডেস্কঃ মাজুলীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ এবছৰ হ'বলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। ৮ ছেপ্তেম্বৰ ২০২১ ত সংঘটিত হৈছিল নিমাতী ঘাটত সংঘটিত হৈছিল ৰাজ্য কপাই যোৱা ফেৰী দুৰ্ঘটনা। সেই ক'লা দিনটোৰ স্মৃতি মানুহৰ মনৰ পৰা এতিয়াও দূৰ হোৱা নাই। তেনে সময়তে আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা আজি কথমপি ৰক্ষা পৰিল আন এখন ফেৰী।
বুধাবে নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ যাত্ৰী কঢ়িয়াই নিয়া এছ বি জলতৰী নামৰ ফেৰীখনত হঠাৎ সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি। ফেৰীখনত নদীৰ মাজতে সোমাই আহে হোৰাহোৰে পানী। জানিব পৰা মতে ফেৰীখনৰ পিছফালে থকা টয়লেটৰ কমোদৰ পাইপেৰে ফেৰীখনলৈ সোমাই আহে পানী।
এই ঘটনাৰ বাবে প্ৰথমে যাত্ৰীসকলে ফেৰীখনত অধিক বোজাই কৰাৰ বাবেই এইদৰে পানী সোমাই অহা বুলি সন্দেহ কৰা হৈছিল যদিও ফেৰীখনৰ কৰ্মচাৰীয়ে স্পষ্ট কৰিছে ফেৰীখনত অধিক পৰিমাণৰ বোজাই কৰা হোৱা নাছিল। টয়লেটৰ কমোদেৰেহে পানী চিটিকি সোমাই আহিছিল।
ফেৰীখনত থকা যাত্ৰীসকলে সেই দৃশ্য চাবলৈ ফেৰীখনৰ পিছফালে অধিক পৰিমাণে যোৱা বাবেই কমোদৰ পাইপেৰে হোৰাহোৰে পানী সোমাই আহে। ইয়াৰ পিছতে ফেৰীখনত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। অৱশ্যে লগে লগে ফেৰীখনৰ পৰা যাত্ৰীসকলক নমাই আন এখন ফেৰীৰে তেওঁলোকক মাজুলীলৈ প্ৰেৰণ কৰা হয়।