ব্ৰহ্মপুত্ৰৰ ওপৰৰ উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী দলঙক লৈ নীতিন গাডকাৰীৰ টুইট...

উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন নতুন দলং হ'ব। শৰাইঘাটৰ কাষতে নিৰ্মাণ কৰা হ'ব এই দলঙখন। দলঙখনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে মন্ত্ৰী নীতিন গাডকাৰীয়ে

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰৰ ওপৰৰ উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী দলঙক লৈ নীতিন গাডকাৰীৰ টুইট...

nitin gadkari tweet

ডিজিটেল ডেস্ক : উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন নতুন দলং হ'ব। শৰাইঘাটৰ কাষতে নিৰ্মাণ কৰা হ'ব এই দলঙখন। দলঙখনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে মন্ত্ৰী নীতিন গাডকাৰীয়ে। টুইটাৰযোগে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সদৰী কৰাৰ মতে প্ৰধানমন্ত্ৰী গতিশক্তি ভিজনৰ আধাৰত নিৰ্মাণ কৰিব লগা দলঙখনৰ বাবে ইতিমধ্যে চৰকাৰে ৯৯৬.৭৫ কোটি টকাৰ অনুমোদন জনাইছে।

টুইটত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু লিখিছে যে - এই দলঙখনৰ বাবে NHAI আৰু ৰে'ল বিভাগৰ লগত একেলগে নিৰ্মাণ কৰা হ'ব। ৰে'ল পথো থকা এই দুইখলপীয়া দলঙখনৰ বাবে NHAIয়ে ব্যয় কৰিব ৩২২ কোটি টকা। দলঙখনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰিব বুলিও তেওঁ টুইটত কৈছে দলঙখন নিৰ্মাণ হ'লে যান-যঁটৰ সমস্যা বহুখিনি সমাধান হ'ব।

assam bridge guwahati north guwahati