মুছলপুৰত দুই NLFB সদস্য গ্ৰেপ্তাৰ…

মুছলপুৰত দুই NLFB সদস্য গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
মুছলপুৰত দুই NLFB সদস্য গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ: দীৰ্ঘদিন ধৰি বড়োভূমিত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা দুই NLFB কেডাৰক মঙলবাৰে গ্ৰেপ্তাৰ কৰে বাক্সা আৰক্ষীয়ে ।

প্ৰাপ্ত তথ্য অনুসৰি দুয়োগৰাকী কেডাৰে আত্মসমৰ্পন কৰি ওদালগুৰিস্থিত সংগঠনটোৰ দেজিগনেটেড শিবিৰত কিছুদিন আশ্ৰয় লৈ আছিল যদিও শেহতীয়াকৈ দুয়োগৰাকী সদস্যই সেই স্থানৰ পৰা ৰহস্য জনকভাৱে পলায়ন কৰে ।

আৰক্ষীয়ে দুয়োগৰাকী সদস্যই এক নতুন সংগঠন জন্ম দিয়াৰ বাবে চিন্তা চৰ্চা কৰাৰ খবৰ লাভ কৰাৰ পৰিপ্ৰেক্ষিততে মুছলপুৰ আৰক্ষী চকীত এটা গোচৰ ৰজু কৰি NLFB ৰ দুই সদস্য ক্ৰমে সমৰ ৰামচীয়াৰী (২৮) আৰু চন্দন ৰামচীয়াৰী (২৯ ) ক তেওঁলোকৰ নিজ বাসগৃহ নতুন শ্ৰীপুৰ আৰু দ্বাৰাগাওঁৰ পৰা আজি আটক কৰে আৰু জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

assam nlfb