নিযুক্তি ঠিকেই পালে, এতিয়ালৈকে নাই দৰমহা, চিন্তিত ১০০০ ৰো অধিক কৰ্মচাৰী

: ১ লাখ নিযুুক্তি দিয়াৰ নামত জনতাৰ ওপৰত মাধমাৰ সোধাইছে চৰকাৰে। এক প্ৰকাৰ প্ৰৱঞ্চনাৰ বলি হৈছে ৰাজ্যৰ বহু শিক্ষিত যুৱক-যুৱতী।

author-image
Asomiya Pratidin
New Update
নিযুক্তি ঠিকেই পালে, এতিয়ালৈকে নাই দৰমহা, চিন্তিত ১০০০ ৰো অধিক কৰ্মচাৰী

ডিজিটেল ডেস্ক: ১ লাখ নিযুুক্তি দিয়াৰ নামত জনতাৰ ওপৰত মাধমাৰ সোধাইছে চৰকাৰে। এক প্ৰকাৰ প্ৰৱঞ্চনাৰ বলি হৈছে ৰাজ্যৰ বহু শিক্ষিত যুৱক-যুৱতী। এটা চাকৰিৰ নামত চৰকাৰে যুৱক-যুৱতী সকলৰ মুখত হাঁহি বিৰিঙাইছিল। কিন্তু চৰকাৰৰ কিছুমান প্ৰশংসনীয় পদক্ষেপৰ বিপৰীতে পোহৰলৈ আহিছে কেতবোৰ উদ্বেগজনক তথ্য।

১ লাখ নিযুক্তিৰ অংশ হিচাপে খানাপাৰত অনুষ্ঠান পাতি নিযুক্তি দিয়া শ শ কৰ্মচাৰীয়ে পোৱা নাই দৰমহা। এমাহ, দুমাহ নহয় নিযুক্তি পোৱাৰ প্ৰায় ৪ মাহ পাছতো পোৱা নাই শিক্ষা বিভাগত নিযুক্তি পোৱা কৰ্মচাৰীয়ে দৰমহা। ইয়াৰ বাবে এই কৰ্মচাৰী সকলৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, ২০২২ বৰ্ষৰ ২৩ ছেপ্টেম্বৰত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় প্ৰাংগনত বিভিন্ন বিভাগত ১১,২৩৬ জনক নিযুক্তি পত্ৰ প্ৰদান কৰিছিল চৰকাৰে। ইয়াৰ ভিতৰত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গ পদত নিযুক্তি লাভ কৰিছিল ১,৫৩৯ জনে।

কিন্তু পৰম পৰিতাপৰ বিষয় যে বৰ্তমানলৈ এই সকলে লাভ কৰা নাই দৰমহা। সূত্ৰ অনুসৰি এই লোক সকলক দৰমহা দিবৰ বাবে বাজেটত নাই ধন। গতিকে পৰৱৰ্তী সময়ত এই কৰ্মচাৰী সকলে এক ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে।

অন্যহাতে এই কৰ্মচাৰী সকলে নিৰ্ধাৰিত মজুৰি মাত্ৰ ৮০০০ টকাহে লাভ কৰিব। কিন্তু চৰকাৰে সেই ধনো দিবলৈ সক্ষম হোৱা নাই। চৰকাৰৰ এই নিযুক্তি এতিয়া সাঁথৰহে মাঁথো।

আৰু পঢ়ক: আজি মে-ডাম-মে-ফীঃ উপৰিপুৰুষক টাই আহোমে কৰিব স্মৰণ

himanta biswa sarma job