নগাঁৱতো হেৰাল কংগ্ৰেছী নেতা…

নগাঁৱতো হেৰাল কংগ্ৰেছী নেতা…
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : অসমৰ মধ্যস্হান নগাঁও ৷ এদিন এই নগাঁৱৰ পৰা ৰাজ্যৰ ৰাজনীতি নিয়ন্ত্ৰন হৈছিল ৷ কি শাসক পক্ষকে কওঁক বা বিৰোধী পক্ষকে কওঁক ৷ ৰাজ্যবাসীৰ চকু আছিল নগাঁৱত ৰাজনৈতিক দিশত নতুন কৰ্মপন্হা আৰম্ভ হৈছে নেকি বুলি ৷

বৰ্তমান ক্ৰমে নিস্তেজ হৈ পৰিছে নগাঁৱৰ ৰাজনৈতিক পৰিবেশ ৷ আঞ্চলিক দল অসম গন পৰিষদ , কংগ্ৰেছ , বিজেপি , এ আই ইউ ডি এফ আদিকে ধৰি মূখ্য দল সমূহৰ ৰাজনৈতিক তৎপৰতা লক্ষ্যনীয় ভাবে হ্ৰাস পাইছে ৷ শাসক পক্ষত বিজেপি আৰু অগপ আদি থকাৰ বিপৰিতে বিৰোধী কংগ্ৰেছৰ তৎপৰতা লক্ষ্যনীয় ভাবে নগাঁৱত নিস্তেজ ৷

অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কেবাজনো বাঘা বাঘা কংগ্ৰেছৰ নেতা বৰ্তমানেও নগাঁৱত আছে ৷ ইয়াৰ ভিতৰত নাম ল'ব পাৰি নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ , কলিয়াবৰৰ সাংসদ গৌৰব গগৈ , বিৰোধী দলৰ উপ দলপতি তথা চামগুৰিৰ বিধায়ক-প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন , বিধায়ক নুৰুল হুদা , বিধায়িকা শিবামণি বৰবৰা আদি ৷

কংগ্ৰেছৰ বিয়াগোম নেতা প্ৰদ্যুত,গৌৰব, ৰকিবুল , নুৰুল , শিবামণি হঁতে বৰ্তমান সময়ত নগাঁৱত যেনে দৰে বিৰোধী স্হিতি গ্ৰহণ কৰিব লাগিছিল তেনেদৰে গ্ৰহণ নকৰাটো ৰাইজৰ চকুত ধৰা পৰিছে ৷ সাংসদ প্ৰদ্যুত বৰদলৈ , গৌৰব গগৈৰ লগতে কংগ্ৰেছৰ বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন যদিও নগাঁৱৰ কিন্তু তেওঁলোক ৰাজ্যিক পৰ্যায়ৰ নেতা ৷

বিজেপি নেতৃত্বধীন মিত্ৰ দলৰ চৰকাৰখনৰ কাম কাজ আঙুলিয়াই দিয়াৰ ক্ষেত্ৰত সক্ৰিয়তা যেনেদৰে থাকিব লাগিছিল সেই সক্ৰিয়তা এইসকল নেতাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাই ৷ সাংসদ গৌৰব গগৈ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত উজনিৰ বিধানসভা সমষ্টিত কিছু ব্যস্ত থাকে যদিও নগাঁৱৰ বিধানসভা সমষ্টিৰ লগতে জিলাখনত সেই সক্ৰিয়তা নাই ৷

ৰাজ্যিক পৰ্যায়ৰ নেতা প্ৰদ্যুত-ৰকিবুল শাসনাধীস্থ চৰকাৰৰ কাম কাজক লৈ অসন্তুষ্ট জনতাক প্ৰতিনিধিত্ব কৰাত ব্যৰ্থ হৈছে ৷ ৰাজ্যখনৰ কথা বাদ দিলেও নগাঁৱত বিৰোধীস্হিতি গ্ৰহণত ব্যৰ্থতাৰ পৰিচয় দিছে দুয়োজন নেতাই ৷ বৰ্তমান সময়ত শাসক পক্ষৰ ব্যৰ্থতাৰ সুযোগ এই সকল নেতাই যেনে দৰে গ্ৰহণ কৰি ৰাজনৈতিক দিশত আগবাঢ়িব লাগিছিল তেনেদৰে আগবঢ়াত পিছ পৰি ৰৈছে ৷

বৰ্তমান অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সৰ্বসাধাৰনক ৷ ইন্ধনৰ অত্যাধীক মূল্য বৃদ্ধি , পেট্ৰলজাত সামগ্ৰীৰ মৃল্যবৃদ্ধি ফলত বাৰুকৈয়ে প্ৰভাব পৰিছে সমাজ জীৱনত ৷ অতিৰিক্ত কৰৰ বোজাত সৰ্বত্ৰে হাহাকাৰময় পৰিবেশ ৷ নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰন কৰিছে ৷ এই বিষয়বোৰৰ সন্দৰ্ভত প্ৰদ্যুত – ৰকিবুলৰ দৰে নেতাই ক্ষুব্দ লোকৰ কাষ চপাত ব্যৰ্থ হৈছে ৷

দুটিকৈ প্ৰলংকৰী বানে নগাঁৱৰ তিনিশতাধিক ৰাজহগাঁৱত প্ৰলয়ৰ সৃষ্টি কৰিলে ৷ এতিয়াও যথোপয়ুক্ত সাহা্ৰ্য নাই ৷ বান পৰিস্হিতিৰ পিছত সপোনৰ ঘৰলৈ যাব নোৱাৰি পথৰ কাষত চাঙ ঘৰ সাজি দিন পাৰ কৰিছে বৰ্নাত্যই ৷ এই সকল দূৰ্ভগীয়া লোকৰ কাষত দেখা নাই প্ৰদ্যুত-ৰকিবুলক ৷ বানৰ বাবে নগাঁৱৰ বহু গ্ৰাম্যাঞ্চলৰ পথ বিধস্ত , উপয়ুক্ত চিকিৎসাসেৱা গঢ়ি উঠা নাই , প্ৰায় ত্ৰিশ হাজাৰ হেক্টৰ কৃষিভূমি চিৰাল ফাট দিছে ৷ খবৰ নাই প্ৰদ্যুত-ৰকিবুলৰ ৷ চামগুৰি , ৰহা , নগাঁও সদৰৰ বৰবজাৰত গতানুগতিক ভাবে ৰকিবুল হুছেইনে কৰিলে " মেহেংগাই পে চৰ্চা " ৷ নাহিল প্ৰদ্যুত বৰদলৈ ৷

নগাঁও কংগ্ৰেছক ৰকিবুল হুছেইনে নিজৰ দখলত ৰখা বুলি কংগ্ৰেছী মহলে চৰ্চাত ৰখাৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈ আতৰি থকা বুলি নগাঁৱৰ ৰাজনৈতিক মহলত গুনগুননি উঠিছে ৷ যদি সেয়াই হয় তেনেহ'লে আগন্তক দিনত ৰকিবুল-প্ৰদ্যুতৰ পৰা ৰাইজে কি আশা কৰিব ৷

আগন্তক লোকসভা নিৰ্বাচনৰ বাবে প্ৰদেশ যুব কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজন কৰিলে এক গুৰুত্বপূৰ্ণ সভা ৷ লোকসভা নিৰ্বাচনত যুব কংগ্ৰেছে নগাঁৱত কেনেদৰে ৰাজনৈতিক ভূমিকা গ্ৰহণ কৰিব ৷ এই সভাত দেখা নগ'ল কংগ্ৰেছৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক ৷ দেখা নগ'ল ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাকো ৷ একেদৰে উপস্হিত নাথাকিল কলিয়াবৰৰ সাংসদ গৌৰব গগৈও ৷

একেদৰে বটদ্ৰবাৰ বিধায়ক শিবামণি বৰবৰাই নগাঁৱত মহিলা কংগ্ৰেছক জাগ্ৰত কৰাৰ ক্ষেত্ৰত সক্ৰিয়তা অবলম্বন কৰা পৰিলক্ষিত হোৱা নাই ৷ ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাক লৈও সন্তোষ্ট নহয় সমষ্টিৰ ৰাইজ ৷

মাজে মধ্যে সামাজিক মাধ্যম , ইলেকট্ৰনিক মাধ্যমত প্ৰদ্যুত, গৌৰব, ৰকিবুল, নুৰুল,শিবামনি হঁতক দেখা পোৱা যায় যদিও সৰ্বসাধাৰনৰ জলন্ত সমস্যা সমাধানৰ অৰ্থে শাসকক বাধ্য কৰিব পৰাকৈ কাম কৰা জনচক্ষুত পৰা নাই ৷ বিৰোধী নেতাৰ এনে স্হিতিৰ পিছত সমস্যাৰে ভাৰাক্ৰান্ত লোকে কাক লৈ আশা কৰিব ই এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in