ডিজিটেল সংবাদ, ৰূপহীহাট : ৰূপহীহাটত দীৰ্ঘদিন ধৰি চলিথকা অনুমতি বিহীন অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে ৷ এই অভিযানত মঙলবাৰে গড়াজান আৰক্ষী চকীৰ আৰক্ষীয়ে গড়াজান বজাৰৰ এখন দোকানৰ পৰা বহু পৰিমাণৰ সুৰা জব্দ কৰাৰ লগতে মন্টু ৰায়ক আটক কৰিছে ৷
ইফালে ৰূপহীহাট আৰক্ষী থানাৰ আৰক্ষীয়েও সোমবাৰে নিশা গোপন সূত্ৰৰ পম খেদি অভিযান চলাই কাঞ্চনপুৰৰ পৰাও বহু পৰিমাণৰ অবৈধ সুৰাৰ বটল জব্দ কৰাৰ লগতে তিনিগৰাকী মহিলাক আটক কৰে ৷ মহিলা কেইগৰাকীৰ নাম ক্ৰমে ৰেবা ৰাণী ৰায়, চম্পা ৰাণী ৰায় আৰু মিনতি বৰা মণ্ডল৷
এই মহিলা কেইগৰাকীয়েও দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি অঞ্চলটোত সুৰাৰ ৰমৰমীয়া বেহা চলাই আছিল ৷ স্থানীয় লোকে জনোৱা অনুসৰি এই পৰিয়াল কেইটাই চুলাই মদৰ লগতে বিলাতী সুৰা আৰু ভাঙৰ ব্যৱসায় কৰি আছিল ৷
আটকাধীন মহিলা কেইগৰাকীৰ স্বামী কেইজনে পথতে আৰক্ষী যোৱাৰ উমান পায় পলায়ন কৰে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
আৰু পঢ়ক : কৰম পৰবৰ দিনাই বোকাখাতৰ হাতীখুলী চাহ বাগিচাত ঝুমুৰ নাচি শ্ৰমিকৰ প্ৰতিবাদ...