নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা তিনি ছাত্ৰীক পশ্চিমবঙ্গত উদ্ধাৰ...

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল ডেস্কঃ নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা তিনি ছাত্ৰীক উদ্ধাৰ কৰিছে নুনমাটি আৰক্ষীয়ে। নুনমাটি আৰক্ষীয়ে পশ্চিমবঙ্গৰ নিউ জপাইগুড়ি ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰি বুধবাৰে পুৱতি নিশা ছাত্ৰী তিনিগৰাকীক নুনমাটি আৰক্ষী থানালৈ লৈ অহা হৈছে।

উল্লেখ্য যে সোমবাৰে ঘৰৰ পৰা স্কুললৈ যোৱাৰ পথত সন্ধানহীন হৈছিল অষ্টম শ্ৰেণীৰ তিনিগৰাকী ছাত্ৰী। ছাত্ৰী তিনিগৰাকী ক্ৰমে নুনমাটি নেপালী চকৰ ছানছাইন পাব্লিক স্কুলৰ মঞ্জুয়াৰা পাৰ্বিন (১৪), অৰিফা চুলতানা (১৪), ৰশ্মি ৰেখা বৰা (১৩)।

কোনো দুষ্ট চক্ৰৰ প্ৰলোভনত পৰি ৰে'ল যোগে মহাৰাষ্ট্ৰৰ মুম্বাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ছাত্ৰী তিনিগৰাকীয়ে। পৰিয়ালৰ লোকৰ এজাহাৰ ভিত্তিত নুনমাটি আৰক্ষীৰ তৎপৰতাত ৰে'ল আৰক্ষীৰ সহযোগত পশ্চিমবঙ্গৰ নিউ জপাইগুড়ি ৰে'ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰী তিনিগৰাকীক।

ছাত্ৰী তিনিগৰাকীক কোনে আৰু কিয় মুম্বাইলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব ঘটনাৰ প্রকৃত ৰহস্য।

ei muhurtar khabar
মাকুমত ভয়ংকৰ অগ্নিকাণ্ডঃ অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in