ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ উত্তৰ-পূব পৰিষদৰ সদস্য লংকি ফাংচ'ৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ উত্তৰ-পূব পৰিষদৰ সদস্য লংকি ফাংচ'ৰ
Published on
Updated on

ডিজিটেল সংবাদ, হাওৰাঘাট : অসমত উত্তৰ পূব পৰিষদৰ ড'নাৰ মন্ত্ৰ্যাণালয়ৰ ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰুপায়ণৰ সন্দৰ্ভত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৈতে শ্বিলংস্থিত উত্তৰ পূব পৰিষদৰ ড'নাৰ মন্ত্ৰ্যাণালয় ভাৰত চৰকাৰৰ সদস্য তথা অৱসৰ প্ৰাপ্ত আই এচ বিষয়া লংকি ফাংচ'ই মিলিত হয় ৷ দেওবাৰে দিশপুৰ ৰাজভৱনত দুয়োগৰাকী ব্যক্তি আলোচনা মিলিত হয় ।

অসমৰ বিভিন্ন জিলাত ৰূপায়ণ হৈ থকা উত্তৰ পূব পৰিষদৰ ডনাৰ ন্ত্ৰ্যাণালয়ৰ যোগেদি ভাৰত চৰকাৰৰ জনকল্যাণমুখী আঁচনি ৰূপায়ণ সন্দৰ্ভত ৰাজ্যপালৰ সৈতে বিতংকৈ আলোচনা কৰে লংকি ফাংচ'ই ৷ জানিব পৰা মতে ৰাজ্যপালগৰাকীয়ে লংকি ফাংচ'ই ব্যাখ্যা কৰা কথাবোৰ গভীৰভাৱে মনোযোগেৰে শুনি আনন্দ প্ৰকাশ কৰে ৷

অসমৰ বিভিন্ন জিলাৰ অধিক আঁচনি ৰুপায়ণৰ ক্ষেত্ৰত যাতে জনসাধাৰণ উপকৃত হয় তাৰ বাবে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যপালগৰাকীয়ে ৷

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ উত্তৰ-পূব পৰিষদৰ সদস্য লংকি ফাংচ'ৰ
২২সংখ্যক ওদালগুৰি জিলা দিৱস আয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in