ডিজিটেল ডেস্ক : উত্তৰ লখিমপুৰ ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক গ্রেপ্তাৰ। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বৰবাবু নন্দন বৰাক গ্ৰেপ্তাৰ কৰে লখিমপুৰ সদৰ আৰক্ষীয়ে।
উল্লেখ্য যে দুৰ্নীতি-অনিয়মৰ অভিযোগত ৰাজহ চক্র বিষয়াৰ গোচৰৰ ভিত্তিত গ্রেপ্তাৰ কৰে বৰাক। দেওবাৰে নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নন্দন বৰাক। ৰাজ্যক দুৰ্নীতি-অনিয়মৰ অভিযোগত ইতিমধ্যে বহু বিষয়াক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই।
আৰু পঢ়ক : ঢকুৱাখনাত "ৰাইজৰ দল"ৰ সাধাৰণ সভা সম্পন্ন...