অৰুণোদয়ক বিদায় দি কংগ্ৰেছে আদৰিব ন-লখিমীক

মুখ্যমন্ত্ৰীয়ে বাচি বাচি বিজেপিৰ সদস্যকহে অৰুণোদয় দিছে ৷ আমি জাতি-বৰ্ণ-ধৰ্ম আৰু ভাষা নিৰ্বিশেষে ন-লখিমীৰ ধন দিম।- ভূপেন কুমাৰ বৰা
অৰুণোদয়ক বিদায় দি কংগ্ৰেছে আদৰিব ন-লখিমীক
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী : কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মহিলা হিতাধিকাৰীকে ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’ব। এই অনুদান প্ৰতিমাহৰ ৯ তাৰিখে নিশ্চিতভাৱে আদায় দিয়া হ’ব। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ।

অসম চৰকাৰে অৰুণোদয় ৩.০ আঁচনি ঘোষণা কৰাৰ সময়তে বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কংগ্ৰেছ দলৰ নতুন কৰ্মসূচীৰ কথা ৰাইজক অৱগত কৰে। বৰাই কয় যে ২০২৬ত অসমত বিৰোধী কংগ্ৰেছৰ চৰকাৰ আহিলে অৰুণোদয় আঁচনি বাতিল কৰা হ’ব ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৩.০ৰ শুভাৰম্ভণি কৰাৰ পাছতেই অৰুণোদয় আঁচনি বাতিল কৰাৰ কথা ঘোষণা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে অৰুণোদয় দিয়াৰ বাবে আমি বেয়া পোৱা নাই। কিন্তু আমাৰ ৰাজ্যত এতিয়া ১২,৬০০ চাকৰিৰ বিপৰীতে ৩২ লাখে আবেদন কৰে ৷ ১২,৬০০ নিবনুৱাই চাকৰি পাব ৷ কিন্তু বাকীবোৰৰ কি হ’ব? মুখ্যমন্ত্ৰীয়ে এই কথা ভাবিছেনে?

আমি সেই সকলোৰে কথা ভাবিছো বুলি কৈ ভূপেন বৰাই কয় যে ২০২৬ত আমাৰ চৰকাৰ আহিব তেতিয়া অৰুণোদয় আঁচনি বন্ধ কৰি ন-লখিমী আঁচনি আহিব ৷ মুখ্যমন্ত্ৰীয়ে বাচি বাচি বিজেপিৰ সদস্যকহে অৰুণোদয় দিছে ৷ আমি জাতি-বৰ্ণ-ধৰ্ম আৰু ভাষা নিৰ্বিশেষে ন-লখিমীৰ ধন দিম।

কংগ্ৰেছ চৰকাৰে প্ৰতি মাহৰ ৯ তাৰিখে ভাষা-জাতি-ধৰ্ম নিৰ্বিশেষে হিতাধিকাৰীক ৩০০০ টকাকৈ দিব ৷ ইপিনে বিজেপিৰ সভালৈ আজিকালি মানুহ নাহে বুলি কটাক্ষ কৰি ভূপেন বৰাই কয় যে বিজেপিৰ মন্ত্ৰী-বিধায়ক মিটিঙলৈ গ’লে মানুহ নাহে ৷ সেয়ে চৰকাৰী আঁচনিৰ ফৰ্ম দিম বুলি কৈ বিজেপিয়ে সভালৈ মানুহ আনিবলগীয়া হৈছে ৷

অৰুণোদয়ক বিদায় দি কংগ্ৰেছে আদৰিব ন-লখিমীক
লক্ষীপুৰ সমষ্টিত ১২ হাজাৰ মহিলাই লাভ কৰিব অৰুণোদয় ৩.০ৰ সুবিধা : বিধায়ক কৌশিক ৰায়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in