যোৰহাটৰ দুটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ উল্লেখনীয় পদক্ষেপ

যোৰহাটৰ দুটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ উল্লেখনীয় পদক্ষেপ

author-image
Asomiya Pratidin
New Update
যোৰহাটৰ দুটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ উল্লেখনীয় পদক্ষেপ

ডিজিটেল ডেস্কঃ যোৰহাটৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান "পৰিবৰ্তন" আৰু নতুনকৈ প্ৰতিষ্ঠা হোৱা অন্য এটা স্বেচ্ছাসেৱী অনুষ্ঠান "উল্লাস"। এই দুয়োটা অনুষ্ঠানৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ পদপথৰ দৰিদ্ৰ লোকসকলৰ বাবে আহাৰ যোগানৰ এক কাৰ্যসূচী হাতত লয়।

উক্ত কাৰ্যসূচীৰ দ্বাৰা পদপথৰ প্ৰায় ৩ শ দৰিদ্ৰ লোকক আহাৰ যোগান ধৰে স্বেচ্ছাসেৱী অনুষ্ঠান দুটিৰ কৰ্মকৰ্তাসকলে। "পৰিবৰ্তন"ৰ সভাপতি ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে নিজে উপস্থিত থাকি পদপথৰ ব্যক্তিসকলক আহাৰ যোগান ধৰাৰ উপৰিও তেওঁলোকৰ লগত মত বিনিময়ো কৰে।

আনহাতে উক্ত কাৰ্যসূচীত আনটি স্বেচ্ছাসেৱী অনুষ্ঠান "উল্লাস"ৰ সভাপতি অনিৰুদ্ধ কাশ্যপ, সদস্য ৰিটিজ বৰুৱা, অজয় বাল্মীকিসহ বহুকেইগৰাকী যুৱ সমাজকৰ্মী উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায়। উক্ত অনুষ্ঠান দুটিৰ এই উল্লেখনীয় কাৰ্যৰ বাবে পদপথৰ লোকসকলে কৃতজ্ঞতা জ্ঞাপন কৰে।

Also Read: শংকৰদেৱ শিক্ষা নিকেতন,গহপুৰত সংকল্প সমাৰোহ আৰু নৱাগত আদৰণি সভা

ngo