ডিজিটেল ডেস্ক : সমগ্ৰ পৃথিৱীয়েই জৈৱ ইন্ধনৰ প্ৰতি আগ্ৰহ দেখুৱাই আন এক সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ ওলোৱা সময়তেই নুমলীগড় শোধানাগাৰে ল'লে এক প্ৰশংসনীয় পদক্ষেপ । এন আৰ এল অৰ্থাৎ নুমলীগড় শোধানাগাৰ লিমিটেডে গোলাঘাট জিলাত ১,৭৫০ কোটি টকীয়া এক জৈৱ শোধানাগাৰ স্থাপনৰ সিদ্ধান্ত লয় । এই পৰিকল্পনা অনুসৰি, প্ৰতি বছৰেই প্ৰায় ৫ লাখ মেট্ৰিক টন বাহঁৰ পৰা উৎপাদন কৰি উলিওৱা হ'ব জৈৱ-ইথানল ।
যাৰ বাবে, নুমলীগড় শোধানাগাৰে শেহতীয়াকৈ ২৫ জন থলুৱা যুৱ ব্যৱসায়ীক এই বৃহৎ পৰিমাণৰ বাহঁ যোগানৰ বাবে দ্বায়িত্ব দিছে । এই গোট কেইটাই যোগান ধৰা বাহঁৰ পৰা ৪৯ মেট্ৰিক টন ইথানল, ১১ মেট্ৰিক টন এছিটিক এচিড, ১৯ মেট্ৰিক টন ফৰফৰাল উৎপাদন কৰা হ'ব ।
উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চল বাহঁৰ উৎপাদনৰ বাবে চহকী । সমগ্ৰ দেশৰ ৬৫ শতাংশ বাহঁৰ চাহিদা পূৰণ কৰে কেৱল উত্তৰ পূৰ্বাঞ্চলে । এই সুবিধা গ্ৰহণ কৰি নুমলীগড় শোধানাগাৰে বৰ্তমানৰ ৩ মিলিয়ন মেট্ৰিক টনৰ পৰা ৯ মিলিয়ন মেট্ৰিক টনলৈ বাৰ্ষিক উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ পৰিকল্পনা হাতত লৈছে ।