ডিজিটেল সংবাদ, বাখা: ২০২৩ চনৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাতদশক জোৰা নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে সম্প্ৰতি ভাৰত চৰকাৰ , নাগালেণ্ড চৰকাৰ আৰু এন এছ চি এন মুইভা গোটে সঘন বৈঠকৰ জড়িয়তে ব্যাপক তৎপৰতা চলাই থকাৰ মাজত প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ এছ চি জমিৰক শান্তি প্ৰক্ৰিয়াত জড়িত কৰিব খোজা বিষয়টোক লৈ মুঠেই সন্তুষ্টি প্ৰকাশ কৰা নাই বিদ্ৰোহী সংগঠনটোৱে ।
এন এছ চি এন মুইভা গোটে লোৱা এনে কঠোৰ স্থিতিয়ে বৰ্তমান কেন্দ্ৰৰ সৈতে চলি থকা শান্তি আলোচনা প্ৰক্ৰিয়ালৈ অনিশ্চয়তা আহিব পাৰে বুলি চৰ্চা চলিছে । কাৰণ এন এছ চি এনৰ জি পি আৰ এনৰ গৃহ বিভাগে যোৱা সপ্তাহত এক প্ৰেছ বাৰ্তা জড়িয়তে কৈছে যে ভাৰত চৰকাৰে যদি নগাসকলৰ জটিল সমস্যা সমাধানৰ বাবে সঁচাকৈ আগ্ৰহী তেনেহ'লে এনেধৰণৰ ব্যক্তিক পৰিহাস কৰা উচিত ।
এন এছ চি এনে কৈছে যি ব্যক্তিয়ে নগাসকলৰ কণ্ঠক প্ৰতিনিধিত্ব নকৰে তেনে ব্যক্তিক পৰিহাৰ কৰা উচিত। কিয়নো এনে ভুল পদ্ধতিয়ে নগা সমস্যাৰ সমাধান নানে । এন এছ চিনে প্ৰেছ বাৰ্তাত আৰু উল্লেখ কৰিছে যে অতীত এছ চি জমিৰে নিজকে এগৰাকী বিভাজনকাৰী হিচাপে প্ৰমাণিত কৰিছে আৰু ১৯৭১ চনত স্বাক্ষৰ কৰা ১৬ দফীয়া শ্বিলং চুক্তিৰ বাবেই নগাসকলৰ অধিক মাজত ৰক্তপাত ঘটে ।
১৯৭১ চনৰ ১৬ দফীয়া শ্বিলং চুক্তিৰ অতীতৰ সেই ৰাজনৈতিক ভুলৰ সংশোধন কৰিব বাবে এন এছ চি এনে ১৯৯৭ চনত ভাৰত চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে যুদ্ধ বিৰতিৰ চুক্তিৰে বিদেশৰ মাটিৰ পৰা দেশলৈ উভতি আহিছে । গতিকে এন এছ চি এনে নগা ৰাজনৈতিক সমস্যা সমাধানত ড০ এছ চি জমিৰৰ ভূমিকা বিচৰা নাই ।
ইফালে ২০২৩ চনৰ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এন এন জি পিৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অভিজ্ঞ ৰাজনীতিক ড০ এছ চি জমিৰক নগা শান্তি প্ৰক্ৰিয়াত জৰিত কৰি এক চুক্তি এক সমাধান কৰিবলৈ প্ৰচেষ্টা চলাইছে ।
অৱশ্যে সময়ত গম পোৱা যাব দুয়োপক্ষই মতপাৰ্থক্য দূৰ কৰিবলৈ সক্ষম হয় নে নহয় । ইপিনে যোৱা ১৪ মেত নগা ৰাজনৈতিক সমস্যা সমাধানত বৰ্তমান সৃষ্টি হোৱা অচলাৱস্থাক দূৰ কৰিব বাবে নতুন দিল্লীত কেন্দ্ৰ মধ্যস্ততাকাৰী এ কে মিশ্ৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ (আই এম) ৯ জনীয়া সামূহিক নেতৃত্বতৰ মাজত তৃতীয়লানী গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয় । প্ৰাক্তন সেনা জেনেৰেল ভি এছ এটেমৰ নেতৃত্বত এন এছ চিনৰ দলটোৱে এ কে মিশ্ৰৰ সৈতে নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ সন্দৰ্ভত প্ৰায় দুঘণ্টা ধৰি আলোচনা মিলিত হয় ।
যদিও দুয়োপক্ষই আলোচনাত সুকীয়া পতাকা আৰু সংবিধানৰ বিষয় দুটা গতিৰোধ দূৰ কৰিবলৈ আলোচনা সক্ষম হোৱা নাই । এ কে মিশ্ৰ আৰু এন এছ চি এনৰ সামূহিক নেতৃত্বত মাজত চলি থকাৰ মাজতে চৰকাৰৰ কৰ কমিটি হৈ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ , উপমুখ্যমন্ত্ৰী ৱাই পাট্টন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লগ ধৰি নিৰ্বাচনৰ পূৰ্বে নগা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ।
আৰু পঢ়ক: মানকাচৰৰ বিভিন্ন ঠাইন গৰাখহনীয়া, জাহ গ'ল বহু পৰিয়ালৰ বাসগৃহ, শ শ বিঘা ভূমি…