নুমলীগড়ত পশু-পালক কাজিৰাম ছেত্ৰীৰ শ্বেত বিপ্লৱ

বিজ্ঞানসন্মতভাৱে গো-পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন। নৱ-প্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ। নিজৰ লগতে আন তিনি পৰিয়াকো দিছে কৰ্ম-সংস্থাপন।

author-image
Asomiya Pratidin
New Update
নুমলীগড়ত পশু-পালক কাজিৰাম ছেত্ৰীৰ শ্বেত বিপ্লৱ

ডিজিটেল সংবাদ, নুমলীগড়ঃ যি সময়ত কৰ্মসংস্থাপন বিচাৰি নৱ-প্ৰজন্মৰ বহু যুৱক-যুৱতীয়ে প্ৰতি বছৰে বহিঃৰাজ্যলৈ গমন কৰা পৰিলক্ষিত হয়৷ ঠিক তেনে সময়তে গো-পালনেৰে নিজৰ লগতে আন তিনি পৰিয়ালকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে– গোলাঘাট জিলাৰ মৰঙিৰ ৰংবংস্থিত গোখাৰ্পট্টি নিবাসী পশুপালক কাজিৰাম ছেত্ৰীয়ে৷

উচ্চ শিক্ষাৰে শিক্ষিত ছেত্ৰীয়ে বিগত প্ৰায় ১৪ বছৰে বিজ্ঞানসন্মতভাৱে গো-পালনত জড়িত হৈ আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰাৰ লগতে নীৰৱে শ্বেত বিপ্লৱৰ সূচনা কৰিছে৷ ইতিমধ্যে তেওঁৰ এই আদৰ্শক সাৰোগত কৰি তেওঁৰ পথেৰেই কেইবাজনো নিবনুৱাই বাট বুলিছে ৷

উল্লেখযোগ্য যে ছেত্ৰীয়ে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিচত বোকাখাত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৮৮ চনত বিজ্ঞান শাখাত নামভৰ্তি কৰে৷ চিকিৎসা শাস্ত্ৰ অধ্যয়ণৰ হেঁপাহ বুকুত কঢ়িয়াই ফুৰা ছেত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হয়৷ কিন্তু ইয়াৰ পিচতে উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে তেওঁৰ মাতৃৰ বিয়োগ হোৱাত ঘৰৰ জ্যেষ্ঠ পুত্ৰ হিচাবে বিভিন্ন ঘৰুৱা জঞ্জালত সোমাই পৰে আৰু চিকিৎসা বিজ্ঞান অধ্যয়ণৰ সপোনত চেঁচাপানী পৰে৷ পিচত তেওঁ জে ডি এছ জি মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে আৰু কাৰ্বিআংলঙৰ আপাৰ ৰাংচালি মধ্য ইংৰাজী বিদ্যালয়ত গণিতৰ শিক্ষকৰূপে যোগদান কৰে ৷

১৯৯৩ চনৰ পৰা ২০১০ চনলৈকে শিক্ষকতা কৰাৰ পিচত এই বৃত্তিৰ পৰা আঁতৰি আহে আৰু ২০১১ চনৰ পৰাই গো-পালনত মনোনিৱেশ কৰে৷ ইয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ ভূমিত কঠোৰ পৰিশ্ৰমৰ মাজেৰে হাবি-জংঘল কাটি চাহ বাগিচা স্থাপন কৰে৷ পিচত ক্ৰমান্বয়ে এখন দোকান খোলাৰ লগতে কেঁচা চাহপাতৰ ব্যৱসায়ো আৰম্ভ কৰে৷ আনহাতে, ছেত্ৰীয়ে ৰাজনীতিৰ পথাৰত নামি ৰংবং পঞ্চায়তৰ ক্ৰমে দুবাৰকৈ উপ-সভাপতি আৰু ইয়াৰ পিচত সভাপতিৰ দৰে পদত জয়ী হৈ ২০১৩-১৮ লৈ সভাপতিৰ দায়িত্বও গ্ৰহণ কৰি সফলতাৰে সম্পূৰ্ণ কৰে৷

ইপিনে, সমাজকৰ্মী ৰূপে পৰিচিত ব্যক্তিজনে অসম গোৰ্খা সন্মিলনৰ গোলাঘাট জিলাৰ সভাপতিৰ আসনতো অধিষ্ঠিত হৈ সফলতাৰে তিনিবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰে৷ উল্লেখযোগ্য যে সম্প্ৰতি ১৫ জনী খিৰতী গাই আৰু পোৱালীসহ ‘হলেষ্টিয়ান ফিজিয়ান’, ‘জাৰ্ছি’ আৰু ‘গীৰ’ প্ৰজাতিৰ সৰ্বমুঠ ৩৫ জনী গাই-গৰুৱে ভৰি আছে তেওঁৰ গোহালী৷ ছেত্ৰীৰ গোহালীত দৈনিক প্ৰায় ১৫০ লিটাৰ গাখীৰ উৎপাদন হয়৷ ইয়াৰে একাংশ হোটেলত কিছু গাখীৰ যোগান দিয়াৰ পিচত বাকী থকা গাখীৰৰ পৰা ক্ৰমে দৈ, ক্ৰীম, ছানা, মাৱাকে আদি কৰি দুগ্ধজাত খাদ্য-সামগ্ৰীসমূহো প্ৰস্তুত কৰি বজাৰ দখলৰ চেষ্টা অব্যাহত ৰাখিছে৷

ছেত্ৰীয়ে এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰে যে অনাগত সময়ছোৱাত ১ হেজাৰ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য লৈ তেওঁ কাম কৰি গৈছে৷ এইক্ষেত্ৰত, অসম চৰকাৰৰ পশুপালন বিভাগ তথা নিচেই নিলগত থকা নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগে যদি তেওঁক কিছু সহযোগিতা আগবঢ়ায়; তেন্তে আৰু অধিক উৎসাহেৰে কাম কৰাৰ বাবে তেওঁ প্ৰস্তুত বুলিও মন্তব্য প্ৰকাশ কৰে৷ তদুপৰি, ছেত্ৰীয়ে জনায় যে এই ফাৰ্মখনৰ নামত আজি পৰ্যন্ত চৰকাৰ কিম্বা শোধনাগাৰ কতৃৰ্পক্ষৰ তৰফৰ পৰা ফুটাকঢ়ি এটাও তেওঁ লাভ কৰা নাই৷

আনকি, কোনো বেংকৰ পৰাও ঋণো গ্ৰহণ কৰা নাই৷ এজনী-দুজনী কৰি তেওঁ ১৪ বছৰে খাটী থকাৰ ফলশ্ৰুতিতহে বৰ্তমান তেওঁৰ গোহালীভৰ্তি গাই হোৱাটো সম্ভৱ হৈ উঠিছে৷ সম্প্ৰতি তেওঁৰ এই কৰ্মই সমগ্ৰ অঞ্চলজুৰি খ্যাতি লাভ কৰা দেখা গৈছে৷ ছেত্ৰীয়ে নিজকে কেৱল গো-পালনতে সীমাবদ্ধ নাৰাখি সমান্তৰালভাৱে ছাগলী, মুৰ্গী, হাঁহ, পাৰ চৰাইকে আদি কৰি পশু-পক্ষী পালনতো সমানেই গুৰুত্ব দি আহিছে৷ ‘বিটেল’ প্ৰজাতিৰ ছাগলী পালনেৰে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে৷ সম্প্ৰতি গোহালীখনত থকা গৰুৰ মূল্য যদি চোৱা যায় আনুমানিক ২৫ লক্ষাধিক টকা হ’বগৈ৷

ইপিনে, প্ৰতিমাহে ফাৰ্মখনৰ পৰাও প্ৰায় ২.২৫ লাখ টকাৰ কেৱল গাখীৰেই বিক্ৰী হয়৷ অতি ক্ষুদ্ৰকৈ আৰম্ভ কৰি নিষ্ঠা সহকাৰে কাম কৰি গ’লে এদিন বিশালকায় বটবৃক্ষৰ ৰূপ যে ধাৰণ কৰিব পৰা যায়; ই তাৰেই উদাহৰণ বহন কৰিছে৷ সম্প্ৰতি নিজা মাটি-বাৰী থাকিও আত্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলা একাংশ যুৱক-যুৱতীৰ বাবে নিশ্চিতভাৱেই কাজিৰাম ছেত্ৰী হৈ পৰিছে– এক আদৰ্শ স্বৰূপ৷

Also Read: কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নিৰ্মাণৰ নামত দূৰ্নীতি

numoligarh