ন্যায় বিচাৰি আদালতৰ মজিয়াত বিধায়ক নুৰুল হুদা…

ন্যায় বিচাৰি আদালতৰ মজিয়াত বিধায়ক নুৰুল হুদা…
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : আদালতৰ মজিয়াত ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা ৷ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা নগাঁৱৰ আদালতৰ মজিয়াত ঠিয় দিছে ন্যায় বিচাৰি ৷ কষ্টোৎপাৰ্জিত সন্মান উদ্ধাৰৰ বাবে আদালতত গোচৰ তৰিছে বিধায়ক হুদাই ৷ হেৰুৱা সন্মান ঘূৰাই বিচাৰি আদালতৰ দ্বাৰস্থ বিধায়কজন ৷

অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদৰ বিৰুদ্ধে এই গোচৰ তৰিছে বিধায়ক হুদাই ৷ ইতিমধ্যে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই ক্ৰচ ভোটিঙ কৰা বুলি দুলু আহমেদে মন্তব্য কৰা বুলি নুৰুল হুদাই অভিযোগ কৰি এই গোচৰ তৰিছে ৷ নুৰুল হুদাৰ মতে দুলু আহমেদক এই ক্ষেত্ৰত ক্ষমা খুজিবলৈ আহ্বান জনাইছিল ৷ আহমেদে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত বিধায়ক নুৰুল হুদাই মান হানিৰ গোচৰ তৰে আদালতত ৷ বিধায়ক হুদাই তৰা গোচৰৰ ভিত্তিত মঙ্গলবাৰে আদালতে বিধায়ক জনৰ সাক্ষ্য গ্ৰহণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in