ডিজিটেল সংবাদ, ওদালগুৰি : সমাগত লোকসভা নিৰ্বাচন। লোকসভাৰ সমান্তৰালকৈ বিটিচি নিৰ্বাচনকলৈও তৎপৰ হৈ পৰিছে বিজেপিৰ যুৱ মৰ্চা। ওদালগুৰি লোকসভা সমষ্টি দখলৰ বাবে ব্লু প্ৰিন্ট বিজেপিৰ। যাৰ বাবে ৰৌতাত দেখা গ'ল ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলাৰ কাৰ্যনিৰ্বাহক সভা।
ৰাজ্যিক সাংগঠনিক সম্পাদক ফনী শৰ্মাৰ উপস্থিতিত লোকসভাৰ লগতে বিটিচি নিৰ্বাচনৰ যুৱ মৰ্চাৰ ৰণকৌশল সাজু কৰিছে বিজেপিয়ে। জিলা যুৱ মৰ্চাৰ সভাপতিত্বত অনুষ্ঠিত সভাত যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ত্ৰিদীপ জোতি মৰাণ, সম্পাদক নিহাল কাশ্যপৰ লগতে বহু নেতা-কৰ্মীৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হয় উক্ত সভা।