ডিজিটেল সংবাদ, ওদালগুৰিঃ "এইখন খিলঞ্জীয়া অসমীয়াৰ অসম, মিঞাৰ নহয়। মিঞা মিঞাই, মিঞা যোগ অসমীয়া হ'ব নোৱাৰে। বড়ো, ৰাভা, কোচ ৰাজবংশীকে ধৰি অসমত লক্ষ লক্ষ খিলঞ্জীয়া অসমীয়া আছে। এই কথা আজমলে পাহৰি যোৱা উচিত নহয়।" আজমলৰ অসম + মিঞা সূত্ৰ সন্দৰ্ভত এই মন্তব্য অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।
শুকুৰবাৰে ওদালগুৰি জিলা বিজেপিৰ কাৰ্যালয়ৰ দুমহলীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আজমল সন্দৰ্ভত সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় "১৯৮৩ চনতে অবৈধ মিঞা বিতাৰণৰ বাবে আন্দোলন কৰিছিল। গতিকে অসম + মিঞা কেতিয়াও হ'ব নোৱাৰে।"
তিনি গগৈ সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি সভাপতিগৰাকীয়ে। তিনি গগৈহে লগ হৈছে। বহু গগৈ আমাৰ লগতে আছে। যাৰ ভৰিৰ তলৰ মাটিয়ে নাই তেনে তিনি গগৈক ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতাইও ভয় নকৰে বুলিও সাংবাদিকৰ ওচৰত মন্তব্য কৰে। ইপিনে সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক সভাপতি গৰাকীয়ে দলীয় কাৰ্যকৰ্তাসকলক লবী কেন্দ্ৰীক চিন্তা পৰিহাৰ কৰি সকলোকে সংঘবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়।
দলত কোনো জুনিয়ৰ-ছিনিয়ৰ কথা নাই বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে। আধাৰ শিলা স্থাপন কৰা কাৰ্যলয়টোৰ পৰাই জিলাখনৰ দলীয় কাম-কাজ পৰিচালনা হ'ব বুলি অতি সোনকালে এটা মহলাৰ কাম সম্পূৰ্ণ হ'ব লাগে বুলি গুৰুত্ব আৰোপ কৰে। কাৰ্যালয় ভৱনৰ ভূমি পূজন আনুষ্ঠানিকভাবে মুকলি কৰি সাংসদ দিলীপ শইকীয়াই।
এই কাৰ্যালয় ভৱনটো কেৱল জিলা বি জে পিৰে নহয় সংসদীয় সমষ্টিৰ বাবে এক চালিকা শক্তি হ'ব বুলি আশা প্ৰকাশ কৰে। আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ বাবে প্ৰাক্তন সাংসদ ৰমেন ডেকাই মুকলি ভাবে প্ৰত্যাশা কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই। প্ৰাৰ্থীত্বকলৈ তেওঁ চিন্তিত নহয় বুলি সাংবাদিকৰ ওচৰত প্ৰকাশ কৰে। তেওঁ কয় প্ৰাৰ্থীত্বৰ বাবে সকলোৱে প্ৰত্যাশা কৰিব পাৰে। ৰমেন ডেকা আমাৰ জ্যেষ্ঠ। তেওঁক মই আদৰণি জনাইছোঁ। আমি একোজন দলৰ কাৰ্যকৰ্তা। দলে যি দায়িত্ব দিব আমি তাকে কৰিম। সাংসদ হ'লেও দলৰ কাম কৰিম, নহ'লেও দলৰ কাম কৰিম বুলি সাংবাদিকৰ ওচৰত মন্তব্য কৰে।
উল্লেখ্য যে, আধাৰশিলা স্থাপন অনুষ্ঠানত বি টি চিৰ কাৰ্যবাহী সদস্য অৰূপ দে, দিগন্ত বৰুৱাকে ধৰি কেবাগৰাকীও বি জে পি নেতাই অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মহাজনসম্পৰ্ক অভিযানৰ অংশস্বৰূপে ওদালগুৰিৰ বিভিন্নজনৰ ঘৰলৈ গৈ মতামত গ্ৰহণ কৰে।
Also Read: পানধোৱা সমাজ কল্যাণ পুথিভঁৰালৰ সৌজন্যত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...