উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনাত মৃতপ্ৰায় অৱস্থাত আছিল অসমৰ যুৱক; অৱশেষত ঘৰলৈ...

উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনাত পতিত হৈ মৃতপ্ৰায় অৱস্থাৰ পৰা নতুন জীৱন লাভ কৰি হাওৰাঘাটলৈ উভতিল দুলাল মজুমদাৰ...

author-image
Asomiya Pratidin
New Update
উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনাত মৃতপ্ৰায় অৱস্থাত আছিল অসমৰ যুৱক; অৱশেষত ঘৰলৈ...

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত ২ নং উত্তৰ বৰবিলৰ নিবাসী সুভাষ মজুমদাৰৰ পুত্ৰ দুলাল মজুমদাৰ (২৮) নামৰ যুৱকজন বহিঃৰাজ্য কেৰালাত কেইবাবছৰ ধৰি শ্ৰমিক হিচাপে কাম কৰি থকাৰ পিছত ঘৰলৈ বুলি উভতি আহি থকা অৱস্থাতে উৰিষ্যাত কিছুদিন আগেয়ে হোৱা ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈছিল। ভয়ংকৰ ৰে'ল দুৰ্ঘটনাটোত তিনি শতাধিকৰো অধিক লোক নিহত হোৱাৰ উপৰি আহত হৈছিল বহুলোক।

সেই সময়ত প্ৰায় ৪৮ ঘণ্টা ধৰি দুলাল মজুমদাৰ মৃতপ্ৰায় অৱস্থাত মৃতকৰসকলৰ লগত পৰি আছিল যদিও পিছত সংকটজনক অৱস্থাত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰি চিকিৎসাধীন কৰোৱা হয় । প্ৰায় ২৭ দিন ধৰি উৰিষ্যাত চৰকাৰী ভাবে বিনামূলীয়াকৈ চিকিৎসাধীন হোৱাৰ পিছত নতুন জীৱন লাভ কৰি হাওৰাঘাট অঞ্চলৰ উত্তৰ বৰবিলৰ দুলাল মজুমদাৰ শুকুৰবাৰে পুৱাৰ ভাগত নিজ বাসগৃহত আহি উপস্থিত হয় ।

দুলাল মজুমদাৰ আৰু তেওঁৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি চৰকাৰীভাবে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা লাভ কৰিছে। আনহাতে ঘৰলৈ অহাৰ সময়ত উৰিষ্যাৰ চৰকাৰৰ পৰা দুই লাখ টকাৰ চেক লাভ কৰা বুলিও জানিবলৈ দিয়ে । এই সন্দৰ্ভত দুলালৰ পিতৃ সুভাষ মজুমদাৰ আৰু চৰকাৰী গাওঁবুঢ়া দিলীপ বণিকে ৰে'ল দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত দুলালৰ বাবে সিমানেই যথেষ্ট নহয় বুলি মত প্ৰকাশ কৰি কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাক আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে আহ্বান জনায়।

Also Read: ঘিলামৰাত এটি মূলপথৰ জৰাজীৰ্ণ অৱস্থা: কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ...

Haoraghat