ডিজিটেল সংবাদ,নগাঁও: "আমাৰো বহুত সপোন আছে" শীৰ্ষক বাণীৰে দেওবাৰে অকণিৰ মেলে আয়োজন কৰা শিশু সমাৰোহত পাঁচ শতাধিক শিশু আৰু পিতৃ-মাতৃৰ উদুলি-মুদুলি মিলনপুৰ।
নগাৱঁৰ মিলনপুৰৰ খাগৰিজান নৈশ উচ্চ মাধ্যমিক বিদ্যালয়ত "অকণিৰ মেল"ৰ উদ্যোগত "আমাৰো বহুত সপোন আছে" শীৰ্ষক শিশু সমাৰোহত প্ৰায় দুই শতাধিক শিশুয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অকণিৰ মেলৰ "অকণিৰ বাৰ্তা"ৰ তৃতীয় সংখ্যাটো উন্মোচন কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা অমিয়া পাটৰ, সাহিত্যিক অনুবাদক কৃষ্ণ দুলাল বৰুৱা আৰু নগাঁও এন আই চিৰ অৰুণজ্যোতি দাসে ৷
অকণিৰ মেলৰ আহ্বায়ক ক্ৰমে প্ৰদীপ কাহাৰ, হেমন্ত কুমাৰ শইকীয়া, বিভূতি শৰ্মা, ৰিতেন বৰা, ভুপেন বৰা, অচিন্ত শৰ্মা, বিপিন বৰগোহাঁই, বিকাশ পাঠক, জ্যোতিপ্ৰসাদ শৰ্মা, কুমুদ ৰঞ্জন বৰকাকতি আদিৰ দ্বাৰা পৰিচালিত অনুষ্ঠানটো আঁত ধৰে অকণিৰ মেলৰ সদস্যা ৰুদ্ৰানী শৰ্মাই ৷
চিত্ৰাংকন প্ৰতিযোগিতাৰে আৰম্ভণি কৰা অনুষ্ঠানটোত স্থানীয় ব্যক্তি অপূৰ্ব কুমাৰ শৰ্মা, ভাগ্যলক্ষ্মী মহন্ত, নৱ বৰদলৈ আদি উপস্থিত থাকে ৷ বিভূতি শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত "মুকলি কুইজ প্ৰতিযোগিতা" ত প্ৰায় ষাঠিজন ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷
"অংকৰ দৌৰ", "বানান লিখা" প্ৰতিযোগিতাৰ লগতে অনুষ্ঠিত হোৱা "আকস্মিক বক্তৃতা" প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শ্যামলী দলৈ আৰু পাৰ্থপ্ৰতীম ফুকন ৷ চিত্ৰাংকনত পৰ্যবেক্ষক হিচাপে অশ্বিনী শৰ্মা উপস্থিত থাকে ৷ স্বৰ্গীয় অনুপম হাজৰিকা সোঁৱৰণীত প্ৰদান কৰা বঁটা বিতৰণীৰে সামৰণি পৰা অনুষ্ঠানটোত আৰাধনা হাজৰিকা আৰু শিশুবন্ধু দুলাল বৰাই বিজয়ী অকণি সকলক কিতাপ, মানপত্ৰ আৰু বঁটা প্ৰদান কৰে।
আৰু পঢ়ক: কিশোৰীৰ নগ্ন ভিডিঅ' ভাইৰেল কৰি ৰঙা ঘৰৰ আলহী কিশোৰ…