ঐতিহাসিক শ্ৰীশ্ৰী থুকুবিল সত্ৰত নন্দোৎসৱ উপলক্ষে বোকা ভাওনা...

ঐতিহাসিক শ্ৰীশ্ৰী থুকুবিল সত্ৰত নন্দোৎসৱ উপলক্ষে বোকা ভাওনা...
Published on
Updated on

ডিজিটেল সংবাদ,সোণাৰি : সোণাৰিৰ ঐতিহাসিক শ্ৰীশ্ৰী থুকুবিল সত্ৰত দেওবাৰে পৰম্পৰাগত বোকা ভাওনা অনুষ্ঠিত হয়। ৪১১ বছৰৰোধিক এই সত্ৰখনত প্ৰতিবছৰে পালন কৰি আহিছে বোকা ভাওনা।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাছত পৰম্পৰাগতভাৱে সোণাৰিৰ শ্ৰীশ্ৰী থুকুবিল সত্ৰত প্ৰতি বছৰে নন্দোৎসৱ পালন কৰি বোকা ভাওনা অনুষ্ঠিত কৰি আহিছে । সত্ৰত নন্দোৎসৱৰ লগত সংগতি ৰাখি ভকত বৃন্দই নাম-প্ৰসঙ্গ কৰাৰ পাছত সত্ৰৰ বৈষ্ণৱ সকলৰ খোল আৰু বৰতালৰ চেৱে-চেৱে গুৰুজনাৰ অনুপম সৃষ্টি বোকা ভাওনা প্ৰদৰ্শন কৰি সম্পূৰ্ণ আধ‍্যাত্মিক পৰিবেশৰ মাজত সত্ৰৰ বাসিন্দাসকলৰ লগতে ভকত বৃন্দক ভক্তিৰ ৰসেৰে আপ্লুত কৰে।

শ্ৰীকৃষ্ণৰ জন্মৰ পাছত ভক্তসকলে আনন্দত নাচি নাম গাই ফুৰ্তি কৰা লগতে ইজনে সিজনক বোকাৰে লুতুৰী-পুতুৰী কৰি আনন্দত মতলীয়া হোৱাৰ পৰিবেশক পূনৰ উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে অঞ্চলবাসী ৰাইজে। তাৰোপৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ দিনত এই নন্দোৎসৱ বা পাছতিৰ দিনা বোকা ভাওনাযোগে আনন্দৰ লহৰৰ লগতে আধ‍্যাত্মিক দিশত গুৰুজনাৰ আদৰ্শৰ জাউতীযুগীয়া সম্প্ৰীতি আৰু সমন্বয়ৰ সেতুক সুদৃঢ় কৰাৰ আপ্ৰাণ চেষ্টা অব‍্যাহত ৰাখিছে শ্ৰী শ্ৰী থুকুবিলৰ সত্ৰবাসীয়ে।

ঐতিহাসিক শ্ৰীশ্ৰী থুকুবিল সত্ৰত নন্দোৎসৱ উপলক্ষে বোকা ভাওনা...
এই মাহতেই বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব দুটা মহাজাগতিক পৰিঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in