গহপুৰত নিষিদ্ধ সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ...

নাপিতৰ ৰূপত ড্ৰাগছ বেপাৰী
গহপুৰত নিষিদ্ধ সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ...
গহপুৰত নিষিদ্ধ সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল সংবাদ ছয়দুৱাৰ: গহপুৰ আৰক্ষী থানাৰ গাতে লাগি থকা গহপুৰ নগৰৰ পুৰণি ট্ৰেফিক পইণ্টৰ ওচৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ হৈছে কেইবাটাও ড্ৰাগছৰ কণ্টেইনাৰ। গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ নেতৃত্বত আজি বিয়লি প্ৰায় ৪-৩০ বজাত চলোৱা এক অভিযানত উদ্ধাৰ হয় ড্ৰাগছৰ কণ্টেইনাৰসমূহ।

উল্লেখযোগ্য যে গহপুৰ নগৰৰ হৃদপিণ্ড স্বৰূপ উক্ত স্থানত এখন সাধাৰণ চেলুন খুলি এই চেলুনখনক ড্ৰাগছ সৰবৰাহৰ কেন্দ্রবিন্দু হিচাপে লৈ দীৰ্ঘদিন ধৰি গহপুৰ আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল কিশোৰ ঠাকুৰ নামৰ নাপিতগৰাকীয়ে।ড্ৰাগছৰ গোপন বেহা চলাই বহু যুৱকক ধ্বংসৰ দিশে লৈ যোৱা কিশোৰ ঠাকুৰৰ আজি দশা বেয়া আছিল।

যাৰ বাবে এক গোপন সূত্ৰৰ ভিত্তিত গহপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ হ'বলগীয়া হয় কিশোৰ ঠাকুৰ। আৰক্ষীৰ অভিযানকাৰী দলটোৱে তেওঁৰ চেলুনৰ পৰা ১০ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু ৬ টা চিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে কিশোৰ ঠাকুৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। এইক্ষেত্ৰত গহপুৰ আৰক্ষীয়ে সদিচ্ছা প্ৰকাশ কৰিলে কিশোৰ ঠাকুৰৰ পৰা গহপুৰ নগৰত চলি থকা ড্ৰাগছৰ এক বৃহৎ গোপন তথ্য বাহিৰ কৰিব পাৰিব বুলি স্থানীয় ব্যৱসায়ীসকলে মন্তব্য কৰিছে।

গহপুৰত নিষিদ্ধ সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ...
কোকৰাঝাৰত দুই অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in