ঢকুৱাখনাত গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

নিচাযুক্ত সামগ্রীৰ অবৈধ বেহাখনৰ অন্যতম নায়কক শনিবাৰে ঢকুৱাখনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা :  ঢকুৱাখনা আৰক্ষীৰ নিৰবিছিন্ন তৎপৰতালৈ বুঢ়া আঙুলি দেখুৱাই নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া বেহা চলাই আহিছে একাংশ সমাজবিৰোধী চক্ৰই। যুৱ প্ৰজন্মৰ মাজত উদ্ভৱ হোৱা ব্যাপক চাহিদালৈ লক্ষ্য ৰাখি গ্ৰামাঞ্চলিয় এলেকাত ব্যাপক হাৰত বৃদ্ধি পাইছে এই বেহা।

এই নিষিদ্ধ নিচাযুক্ত সামগ্রীৰ অবৈধ বেহাখনৰ অন্যতম নায়কক শনিবাৰে ঢকুৱাখনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। জানিব পৰা অনুসৰি এক গোপন সূত্ৰৰ পম খেদি  ঢকুৱাখনা সদৰ থানাৰ অ'চি উৎপল বৰা , জ্যেষ্ঠ উপ- পৰিদর্শক দীনেশ মেধি , উপ পৰিদর্শক সিদ্ধাৰ্থ নাথৰ নেতৃত্বত আৰক্ষী বাহিনীয়ে শুক্ৰবাৰে নিশা থানাখনৰ অন্তৰ্গত ২নং বানতৌ গাঁওৰ লীলা কান্ত দাসৰ পুত্ৰ লক্ষী নাথ দাসৰ ঘৰত অভিযান চলায় ।

আৰক্ষীৰ অভিযানকালত ভাং বেপাৰী লক্ষী নাথ দাসৰ ঘৰৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাৰ পৰা  বগা আৰু কলা বৰণৰ ৩টা পলিথিন বেগত থকা প্ৰায় ২ কিলো ৬৩২ গ্ৰাম ওজনৰ নিষিদ্ধ ভাং জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে। আৰক্ষীয়ে নিষিদ্ধ ভাংখিনিৰ লগতে সৰবৰাহকাৰী লক্ষী নাথ দাসক আটক কৰি থানালৈ আনে ।

ঢকুৱাখনা থানাত ভাৰতীয় এন ডি পি এছ আইনৰ ২১(চি)/২৯ ধাৰাত এক গোচৰ (নং/৭৪/২০২৩) পঞ্জীভূত কৰি জব্দকৃত ভাংখিনিৰ নমুনা ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা হাতত লৈ ধৃত ভাং সৰবৰাহকাৰী দাসক শনিবাৰে ন্যায়িক হেফাজতলৈ প্ৰেৰণ কৰে । নিষিদ্ধ ড্ৰাগছ সমান্তৰাল ভাৱে ভাংৰ ব্যাপক প্ৰচলনৰ ৰম্যভূমিলৈ পতিত হোৱা ঢকুৱাখনা মহকুমাৰ বিভিন্ন গ্ৰামাঞ্চলৰ পৰা এই ভয়ংকৰ আৰু অবৈধ বেহা নিৰ্মূল কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ অধিক তৎপৰতা নাগৰিক সমাজে কামনা কৰিছে ।

Also Read: ঢকুৱাখনা মহকুমাত চি পি আইৰ পথসভা

Assam police crime