১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

author-image
asomiyapratidin
New Update
এক মিনিটত ২৫ খবৰ…

১) এতিয়াও অব্যাহত আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট। বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব আস্থা ভোট।

২) পদত্যাগ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতেই ঘোষণা।

৩) শুকুৰবাৰে ধুবুৰী টাউনত থকা আৰক্ষী নিৱেশৰ প্ৰেক্ষাগৃহত ধুবুৰীৰ স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে দিনজোৰা কাৰ্যসূচীৰে জিলা দিৱস পালন কৰা হ'ব৷

৪)মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বুধবাৰে পুৱা শিলচৰৰ পৰা কৰিমগঞ্জত উপস্থিত হৈ কৰিমগঞ্জ উপায়ুক্ত কাৰ্যালয়ত জিলাখনৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত বান পৰিস্থিতিৰ বুজ লয়।

৫)নগাঁৱৰ মাজপোটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ মহিলাক ডিঙি ৰেপি হত্যা কৰিলে দুৰ্বৃত্তই ৷ এই হত্যাকাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁৱত ৷

৬)ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈয়ে আছে। প্ৰায়বোৰ নদীৰ পানীয়েই বিপদসীমাৰ ওপৰেৰে বৈ আছে। বৰ্তমান ২৬ খন জিলা বানৰ কবলত পৰিছে। 

৭) ভাৰতে বুধবাৰে উৰিষ্যাৰ চান্দিপুৰৰ আইটিআৰৰ পৰা স্বদেশী ভাৱে বিকশিত উচ্চ গতিৰ উন্নত মানৱবিহীন বিমান 'অভ্যাস'ৰ সফল পৰীক্ষণ কৰে। এক বিবৃতিৰ জৰিয়তে এই তথ্য দাঙি ধৰা হয়।

৮) ৰাজ্যৰ কৃষি বিভাগে কৃষকৰ বাবে কৰিব কমিউনিটি নাৰ্চাৰী ৷ বিশেষকৈ বান বিধ্বস্ত এলেকাৰ কৃষকৰ বাবে ল'ব এনে পদক্ষেপ ৷ কমিউনিটি নাৰ্চাৰীৰ জৰিয়তে বুজন সংখ্যক কঠিয়া উৎপাদন কৰি ৰবি শস্য কৰাত গুৰুত্ব প্ৰদানৰ পৰিকল্পনা কৰিছে কৃষি বিভাগে ৷ 

৯)ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অদূৰদৰ্শীতাৰ বাবেই পুনৰ বন্ধ হোৱাৰ দিশে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। খৰালি শুই থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰণে মঙলদৈ চহৰৰ মাজমজিয়াত এই ভৰ বাৰিষা ১০ নং ওৱাৰ্ডৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটি কালভাৰ্ট নিৰ্মাণৰ কাম আৰম্ভ কৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

১০)মাহত নগাঁৱত গ্ৰেপ্তাৰ তিনিজনকৈ আৰক্ষী বিষয়া ৷ মাহটোৰ ভিতৰত তিনিজনকৈ আৰক্ষী বিষয়া গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত ৷

১১)কেইবাদিনো ধৰি গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা শিৱসেনাৰ বিধায়ক সকলে বুধবাৰে গুৱাহাটী ত্যাগ কৰে। একনাথ সিন্ধেৰ নেতৃত্বত অহা দলটোৱে গুৱাহাটী এৰি গোৱালৈ যাত্ৰা আৰম্ভ কৰে।

১২)ঘিলামৰাৱাসীৰ  জীৱন সম্পত্তিলৈ মহা সংকট মাতি আনিছে  গাই, জীয়াঢল  আৰু কুমতিয়া নদীৰ সংহাৰী ৰূপে।  বুধবাৰে  পুৱাৰ পৰাই  ভয়ংকৰ ভাবে নদী কেইখনৰ বৃদ্ধি পাই অহা বাঢ়নী পানীয়ে বিলাই বিপত্তিৰ  সীমা নোহোৱা কৰিছে বৰদৈ গাঁও পঞ্চায়তবাসীৰ। 

১৩) চিৰাঙৰ মাক্ৰা নৈৰ পানীৰ সোঁতত বুধবাৰে এচডিআৰএফ বাহিনীয়ে এটা মৃতদেহ উদ্ধাৰ কৰে । মৃতদেহটো বিজনী ৰাজহচক্ৰৰ অন্তৰ্গত সুবাইঝাৰ ওদালগুৰি গাঁৱৰ বাসিন্দা জেবেশ্বৰ বড়ো (৬৫) বুলি চিনাক্ত কৰা হৈছে ।

১৪)ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইৰ মহকুমাত বানপানীৰ কালৰূপ অব্যাহত আছে। জোনাই মহকুমাৰ নাহৰ চিলে গাঁৱত মঙ্গলবাৰে কণমানি কন্যা শিশু এটি চাং ঘৰৰ পৰা বাঢ়নী পানীত পৰি কৰুণা মৃত্যুক সাবটি লোৱাৰ পিছত যোৱা নিশা জোনাই মহকুমাত আৰু এজন লোকৰ বানপানীত মৃত্যুক সাৱটি লয়।

১৫)মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক অপ্যায়ণ কৰাত কোনো সুৰঙা ৰখা হোৱা নাই। মন্ত্ৰী, বিধায়ক আনকি উচ্চ পদস্থ বিষয়াইও সংগ দিছে। তাৰ মাজতে ভাইৰেল হৈছে এখন ফটো। কেইজনমান মহাৰাষ্ট্ৰৰ বিধায়কৰ সৈতে সেই ফটোখনত দেখা পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস আৰু অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া পাৰ্থ সাৰথী মহন্তক।

১৬) বিগত ১২ দিনে কৃত্ৰিম বানপানীৰ কবলত গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ কাৰ্যালয়, পৰ্যটন নিবাস। জলমগ্ন বটদ্রৱাৰ বিস্তীৰ্ণ অঞ্চল। একাঁঠু পানীত আবদ্ধ বটদ্ৰৱা থানৰ কাৰ্যালয়। ইতিমধ্যে বটদ্ৰৱাৰ হেজাৰ বিঘাৰো অধিক কৃষি ভূমি কৃত্ৰিম বানত বুৰ গৈ বিনষ্ট হৈছে ।

১৭)ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা স্থগিত। ৩ জুলাইত অনুষ্ঠিত নহয় পৰীক্ষা।

১৮)গোৱালপাৰা চহৰত চেগুন গছ কটাত বাধা আৰোপ প্ৰকৃতি প্ৰেমীৰ।সংৰক্ষণৰ দাবীত বন বিভাগক আবেদন।

১৯)ছোৱালীৰ ১৮ বছৰ আৰু ল'ৰাৰ ২১ বছৰৰ পিছত বিয়াত বহাৰ শপত গ্ৰহণ কৰাই, আমছুৰৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা।

২০) কামৰূপ জিলাৰ বকোত মঙ্গলবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই অনুজ্ঞাপত্ৰহীন বিলাতী সুৰা সহ এজন লোকক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

২১)অসমলৈ ৫১ লাখ টকাৰ বান সাহায্য আগবঢ়ালে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কে।

২২)ৰাজস্থানৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এজন লোকক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দুই লোকক।

২৩)গোলাঘাটৰ থুৰামুখত ভয়াবহ অগ্নিকাণ্ড।অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এটা বাসগৃহ।বাসগৃহৰ লগতে ভস্মীভূত এখন স্কুটী।

২৪)বানত নগাঁৱত ৪১ খনকৈ চিকিৎসালয় বিধ্বস্ত। ৩১৭ খনকৈ গাঁও বানৰ কবলত।

২৫) কাইলৈৰ পৰা আৰম্ভ মহাৰাষ্ট্ৰৰ নতুন ৰাজনীতি। অপেক্ষা মাঁথো কোন হ'ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী।

assam flood maharashtra shiv sena