১মিনিটত ২৫ খবৰ…

১মিনিটত ২৫ খবৰ…

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১) আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্বৰ লগতে অসমৰো বিভিন্ন স্থানত এই দিৱস উদযাপন কৰা হয়।

২)কামৰূপ জিলাৰ বকোৰ তামুলদিত দেওবাৰে সংঘটিক হয় চাঞ্চল্যকৰ ঘটনা। ভুৱা চিকিৎসকৰ বলি গৰ্ভৱতী মহিলা। প্ৰসৱৰ সময়তে মৃত্যু হয় মহিলা গৰাকীৰ। পলাতক অভিযুক্ত ইব্ৰাহিম।

৩)সামাজিক মাধ্যমত আহোম জাতিক উদ্দেশ্যি তুচ্ছ তাচ্ছিল্য মূলক বক্তব্য কৰি ৰাজহুৱা ৰোষৰ বলি হৈছে ডিগবৈৰ এগৰাকী মহিলা । ক্ষমা খোজাৰ দাবী ঢকুৱাখানা তাই সংস্কৃতি গৱেষণা ও বিকাশ কেন্দ্ৰৰ ।

৪) ৫ জুনত পাণ্ডু পোৰ্টৰ চলি থকা কাম-কাজৰ বুজ লয় কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে। শীঘ্রে মুকলি হ'ব পাণ্ডু পোৰ্টৰ শ্লিপৱে প্রকল্পৰ।

৫)কোকৰাঝাৰৰ গুলীচালনাৰে জড়িতৰ অভিযোগত ২ KLO সদস্যক আটক।আটক উত্তম ৰয় আৰু মৃদুল ৰয় নামৰ দুজন KLOৰ সদস্যক।

৬)বিশ্বনাথত শিক্ষকৰ প্রহাৰত গুৰুতৰভাৱে আহত ছাত্র । শিক্ষক মুস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে এই প্রহাৰৰ অভিযোগ।

৭)চিৰাঙৰ আমগুৰীৰ আমটেকা বজাৰত গুলীচালনা ।দুৰ্বৃত্তৰ গুলীত আহত অনিল ঈশ্বৱাৰী নামৰ ব্যৱসায়ীজন।

৮)মহানগৰীৰ লালমাটিৰ পৰা কিশোৰী নিৰুদ্দেশ ।বশিষ্ঠ থানাত পিতৃ ভৱেশ ডেকাই দাখিল কৰিছে এজাহাৰ।

৯)যোৰাবাটত ড্রাগছসহ এজনক আটক। ধৃত লোকজনৰ নাম ছোহাব আলী।AS 26 C 9193 নম্বৰৰ এখন ট্রাকত আহিছিল লোকজন।

১০)পৰিবেশ দিৱসৰ দেওবাৰৰ দিনটোত কলিয়াবৰত ১৫ মিনিটৰ ভিতৰত ১ লাখ গছ পুলি ৰোপণৰ কৰা হয় । গায়ন-বায়ন, ডবা-শঙ্খ,খোল-তাল আদি দেববাদ্যৰ ঝংকাৰৰ আধ্যাত্মিক পৰিবেশৰ মাজত শ্যামলী শীৰ্ষক অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে স্বাস্থ্য ও বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷

১১) চোৰৰ দপদপনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ মিউজিক চেষ্টেম চুৰি কৰিলে যুৱকে। পাছত আটক কৰে যুৱকজনক।

১২)দেওবাৰে বিজেপিয়ে দলৰ মুখপাত্ৰ নুপুৰ শৰ্মাক দলৰ পৰা নিলম্বন কৰাৰ লগতে নবীন কুমাৰ জিন্দালক দলৰ পৰা বহিষ্কাৰ কৰে।অভিযোগ অনুসৰি দুয়ো হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল।

১৩) কোৰোনাত আক্ৰান্ত বলিউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খান।

১৪)ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলি উঠিছে জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালক আইমী বৰুৱা।১৭ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত জিলিকি উঠা এই তথ্যচিত্ৰখন হৈছে 'স্ক্ৰীমিং বাটাৰফ্লাইজ'।

১৫)বিলাসীপাৰাৰ ছুৱাপাতা ৩য় খণ্ড গাঁৱত ধৰ্ষণকাণ্ড । দুই সন্তানৰ পিতৃয়ে ধৰ্ষণ কৰাৰ অভিযোগ সপ্তম শ্রেণীৰ ছাত্রীক। গ্ৰেপ্তাৰ আছলাম আলী।

১৬)মৰাণত হত্যাৰ চেষ্টা এজন যুৱকক। তিৰ্জু নাৰায়ণ গগৈ নামৰ যুৱকজনক চোকা অস্ত্রৰে আক্রমণ দুৰ্বৃত্তৰ। আদিত্য বৰা আৰু এজন যুৱকে আক্রমণ কৰাৰ অভিযোগ।

১৭) অলিম্পিক পদক বিজেতা লাভলীনা বৰগোহাঁইলৈ 'ৰণাংগন সন্মান-২০২২'। ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক "ৰণাংগন সন্মান'' প্ৰদান কৰে।

১৮) কাৰ্বি আংলঙত নিৰ্বাচনী হিংসা।দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ অস্থায়ী কাৰ্যালয়।২৩ নং সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কাদম তেৰাংপিৰ কাৰ্যালয় জ্বলাই দিয়ে কোনো দুৰ্বৃত্তই।

১৯)ভাৰতৰ ৭১ শতাংশ লোকৰ এতিয়াও স্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ সক্ষমতা নাই।অপুষ্টিকৰ কাৰণত সৃষ্টি হোৱা ৰোগৰ বাবে মৃত্য ১.৭ নিযুত লোকৰ। ষ্টেট অব ইণ্ডিয়াজ এনভাৰমেন্ট ২০২২ ৰ প্ৰতিবেদনত প্ৰকাশ।

২০)দেওবাৰে দিল্লীত আম আদমি পাৰ্টীৰ প্ৰতিবাদী সমদল। কাশ্মীৰী পণ্ডিতক সুৰক্ষা দিয়াত ব্যৰ্থ বুলি মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালৰ।

২১) ৬ জুনত মুক্তি পাব জনপ্ৰিয় কণ্ঠশিল্পী কেকেৰ অন্তিমটো গীত 'ধুপ পানী বেহনে দো'। ৩১ মে'ত মৃত্যুক সাৱতি লৈছিল কণ্ঠশিল্পী গৰাকীয়ে।

২২)গ্ৰেপ্তাৰ হ'ব পাৰ পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইমৰাণ খান। জানিব পৰা মতে পাকিস্তানৰ বিভিন্ন স্থানত কেইবাটাও গোচৰ ৰুজু হৈছে তেওঁৰ বিৰুদ্ধে।

২৩)ৰূপহীহাটৰ কাৱৈমাৰীত মেঘালয় আৰক্ষীৰ অভিযান। অভিযানত ইবাদুল ইছলাম নামৰ বাংলাদেশী লোকজনক আটক ।ভুৱা আধাৰকাৰ্ড, পান কাৰ্ড বনাই দিয়াৰ অপৰাধত আটক।

২৪)বলিউড অভিনেতা ছলমান খান আৰু তেওঁৰ পিতৃক পত্ৰ প্ৰেৰণ কৰি প্ৰাণে মৰাৰ ভাবুকি। এজাহাৰ দাখিল মুম্বাই আৰক্ষীৰ।

২৫) পুনৰ উচ্ছেদ হ'ব মহানগৰীৰ শিলসাঁকো বিলত। ৪০০-৫০০ বিঘা মাটিত চলিব উচ্ছেদ অভিযান।
বতৰৰ বাবেই উচ্ছেদ অভিযান স্থগিত ৰখা হৈছিল।

আৰু পঢ়ক: পৰিৱেশ দিৱসৰ দিনা ৫০০ গছপুলি ৰোপনেৰে  মিচিং "ৰেগী ৰেগাম"ৰ উন্মোচন

assam crime road accident politics dead india rape