শিমলুগুৰিত এজন শিক্ষকেৰে চলিছে বিদ্যালয়, গুণোৎসৱ বৰ্জনৰ হুংকাৰ

শিমলুগুৰিত এজন শিক্ষকেৰে চলিছে বিদ্যালয়, গুণোৎসৱ বৰ্জনৰ হুংকাৰ

author-image
asomiyapratidin
New Update
শিমলুগুৰিত এজন শিক্ষকেৰে চলিছে বিদ্যালয়,  গুণোৎসৱ বৰ্জনৰ হুংকাৰ

ডিজিটেল সংবাদ, শিমলুগুৰি: ব্যাপক প্ৰস্তুতিৰে ৰাজ্যৰ কেইবাখনো জিলাত অনুষ্ঠিত হৈছে গুণোৎসৱ ৷
তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা গুণোৎসৱৰ বাবে ইতিমধ্যে বিদ্যালয় সমূহে ব্যাপক ৰূপত প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে।

ঠিক তেনে সময়তে নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৬২৫ নং বহুপথাৰ প্ৰাথমিক বিদ্যালয়খনত বুধবাৰে ৰাইজ উপস্থিত হৈ গুণোৎসৱ বৰ্জন কৰাৰ হুংকাৰ দিয়া ৷ জানিব পৰা মতে, বিগত কেইবা বছৰ ধৰি উল্লেখিত বিদ্যালয়খনিত মাত্ৰ এগৰাকী শিক্ষকে চলাই আহিছে ৷

যাৰ বাবে স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আবেদন নিবেদন কৰিও সুফল পোৱা নাই ৰাইজে ৷ আজি বিদ্যালয়খনিৰ পৰিচালনা সমিতি, অভিভাৱক আৰু স্থানীয় ৰাইজ বিদ্যালয়ত উপস্থিত হৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ পূৰ্বে শিক্ষক নিযুক্তি দিবৰ বাবে দাবী জনায় ৷ ইয়াৰ অন্যথা গুণোৎসৱ বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

আৰু পঢ়ক: নগাঁৱৰ এছ পি কাৰ্যালয়ত মাৰানাস্ত্ৰ লৈ প্ৰৱেশ কৰিব বিচৰা দুৰ্ধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ

assam school gunotsav